মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:E80:6A57:D9D2:5EFE:1332:D86A (আলোচনা)-ই কৰা 244389 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
18 নং শাৰী:
 
==পূৰ্বপুৰুষ আৰু জন্ম==
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ আৰু মাতৃৰ নাম আছিল মনোৰমা। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে। এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে। এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম [[মনোৰমা]]<ref>Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.</ref>। তদুপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল [[দামোদৰ]] আৰু ভনীয়েকৰ নাম আছিল [[ঊৰ্বশী]]। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল [[ৰাম দাস]]।
 
==মণি-কাঞ্চণ সংযোগ==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে