মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মহোহো: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
21 নং শাৰী:
এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। আঘোন মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰে আনন্দৰে পালন কৰে। চেমনীয়া ল’ৰা আৰু ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক '''মহোহো গীত''' বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই গায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহোহো গীতৰ ৰূপ এনেধৰণৰ- ''মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ॥ মহে বোলে মৰ্‌লু দে। টেপৰ পুৰা খালো দে॥'' ইত্যাদি।
 
উৎসৱত গোৱা গীতবোৰক ‘ভাল হওক দিয়া’ বা ''ভাওল দিয়া গীত'' বোলা হয়। মহ খেদোঁতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়। এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ ''এউৰিমগা গীত'' আৰু বাস্কা অঞ্চলৰ ''বাম্বোল পিটা গীত''ৰ কিছু সাদৃশ্য আছে। নামনি অসমৰ ভিন্‌ ভিন্‌ অঞ্চলত প্ৰচলিত মহোহো গীতবোৰ প্ৰায় একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায়। আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহোহো বা মহখেদা অ-জনজাতিসকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়।<ref name="এক"/>
 
==লোকবিশ্বাস==