ৰামলীলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''ৰামলীলা''' (Lang-en|Ramlila}}; {{lang-hi| रामलीला}}) একপ্ৰকাৰ লোকনাট্য শৈলী। এই ন...
 
No edit summary
1 নং শাৰী:
'''ৰামলীলা''' (Lang-en|Ramlila}}; {{lang-hi| रामलीला}}) একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত [[হিন্দু]] মহাকাব্য [[ৰামায়ণ]]ত বৰ্ণিত [[ৰাম]] আৰু [[ৰাৱণ]]ৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰাভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত। ৰামৰ বিজয়ৰ স্মৰণত আয়োজিত উৎসৱ [[বিজয়া দশমী]] বা [[দশেৰা]]ৰ পূৰ্বৰ দহ নিশা ৰামলীলাৰ আয়োজন কৰা হয় আৰু বিজয়া দশমীৰ দিনা ই শেষ হয়। ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু ৰামায়ণৰ কেন্দ্ৰীয় চৰিত্ৰ। হিন্দু বিশ্বাস অনুসৰি ৰামায়ণ [[ভাৰত]]ৰ আত্মা আৰু ঈশ্বৰোপলব্ধিৰ এক অন্যতম অৱলম্বন আৰু ৰামলীলা হ’ল এই মহাকাব্যৰে মঞ্চাভিনয়। ৰামলীলাৰ উপজীব্য ''মৰ্যদা পুৰুষোত্তম''- ৰামৰ জীৱন, সময় আৰু মূল্যবোধ। ৰামৰ কাহিনী ভাৰতত ইমানে জনপ্ৰিয় যে ভাৰতীয় সংস্কৃতিৰ মূলধাৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰামলীলাৰ বিচৰণ দেখা যায়।<ref name=unescodussehra>[http://www.unesco.org/culture/ich/en/RL/ramlila-the-traditional-performance-of-the-ramayana-00110 Ramlila, the traditional performance of the Ramayana], UNESCO</ref><ref>[https://books.google.com/books?id=Sv7Uk0UcdM8C&pg=PA44&dq=Jatra+bengal&as_brr=0 Ramlila] ''Pop Culture India!: Media, Arts, and Lifestyle'', by Asha Kasbekar. Published by ABC-CLIO, 2007. {{ISBN|1-85109-636-1}}. ''Page 42''.</ref><ref name=claus507/>
==শৈলী==
[[File:Ramnnagar Varanasi Ramlila.jpg|thumb|ৰামনগৰৰ ৰামলীলা, ২০১৮ চন]]
সাধাৰণতে ৰামলীলা এখন অস্থায়ী মঞ্চত অনুষ্ঠিত হয়। অভিনেতাসকল সাধাৰণতে অপেচাদাৰী। মঞ্চৰ ওচৰত কথক অথবা পুৰোহিতে অৱস্থান কৰে। তেৱেঁ দৃশ্য পৰিবৰ্তন বা নাটকীয় উত্তেজনাৰ সময়ত ৰামায়ণৰ কোনো প্ৰাসংগিক অংশ আবৃত্তি কৰে। এই আবৃত্তি মূলতঃ [[তুলসীদাস]]ৰ অৱধী ভাষাত ৰচিত ৰামচৰিত মানসৰ পৰা কৰে। সংলাপবোৰ তাংক্ষণিক; বহু সময়ত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ সৈতে সামঞ্জস্য ৰাখি সংলাপ প্ৰক্ষেপন কৰা হয়। ঢোল আৰু অন্যান্য বাদ্যবাদকসকলে ঘটনাপ্ৰহাহৰ সৈতে তাল মিলাই বজাই থাকে। উৎসৱৰ উন্মুক্ত পৰিবেশত ৰামলীলাৰ আয়োজন কৰা হয়। দৰ্শকসকলে সেয়েহে ৰামলীলা চলি থকা অৱস্থাত সুহুৰি বজায় অথবা দৃশ্য সম্পৰ্কে মন্তব্য নিক্ষেপ কৰে। পৰম্পৰাগত এই কোনো কোনো ৰামলীলা অনুষ্ঠানত গ্ৰামাঞ্চলত শতিকা জুৰি চলি অহা কিছুমান আচাৰবিধানৰ প্ৰকাশ দেখা যায়। শ শ লোক দূৰ-দূৰণিৰ পৰা এই অনুষ্ঠানত অংশ লবলৈ আহে। দৰ্শকৰ সুবিধাৰ্থে সেই ঠাইৰ চাৰিওফালে বজাৰ বহে। কোনো কোনো ঠাইত ৰামলীলাৰ বিৰতিৰ সময়খিনিত স্থানীয় পৰ্যায়ত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাও চলে। ৰামলীলাৰ মূল চৰিত্ৰ ধৰ্মীয় হ’লেও বহুতো অহিন্দু মানুহকো এই উৎসৱৰ ওচৰলৈ টানি আনে। নাট্ আয়োজনৰ ব্যয় স্থানীয় ৰাইজে চান্দা তুলি সংগ্ৰহ কৰে অথবা স্ব-সংগঠিত ৰামলীলা কমিটিয়ে বহন কৰে।<ref name=katherineyoung20>{{cite book|author1=Katherine Young |author2=Arvind Sharma |title=Her Voice, Her Faith: Women Speak on World Religions |url=https://books.google.com/books?id=xUoEw0IQvPEC |year=2004|publisher=Westview Press |isbn=978-0-8133-4666-3 |pages=20–21 }}</ref><ref name="GuyBeckp138">{{cite book|author=Guy L. Beck|title=Sonic Liturgy: Ritual and Music in Hindu Tradition|url=https://books.google.com/books?id=UzUMCAAAQBAJ |year=2012|publisher=University of South Carolina Press|isbn=978-1-61117-108-2|pages=138–139 |quote='''Quote:''' "A summation of the signal importance of the Natyasastra for Hindu religion and culture has been provided by Susan Schwartz, "In short, the Natyasastra is an exhaustive encyclopedic dissertation of the arts, with an emphasis on performing arts as its central feature. It is also full of invocations to deities, acknowledging the divine origins of the arts and the central role of performance arts in achieving divine goals (...)".}}</ref>
==ভৌগলিক বিস্তাৰ==
==ভৌগলিক বিস্তাৰ==
বিশ্বৰ যিবোৰ দেশত উত্তৰ ভাৰত, মধ্য ভাৰত, [[নেপাল]] আৰু [[পাকিস্তান]]ৰ হিন্দু সম্প্ৰদায়ৰ লোক বাস কৰে, তাতেই ৰামলীলা অনুষ্ঠিত হোৱা দেখা যায়। ভাৰতীয় উপমহাদেশৰ বাহিৰে ফিজি, মৰিচাচ, [[দক্ষিণ আফ্ৰিকা]], [[কানাডা]], গায়েনা, চুৰিনাম, ত্ৰিনিদাদ আৰু টবেগো, [[যুক্তৰাজ্য|গ্ৰেট ব্ৰিটেইন]], [[আমেৰিকা যুক্তৰাষ্ট্ৰ]] আৰু [[অষ্ট্ৰেলিয়া]]ত ৰামলীলা অনুষ্ঠিত হোৱা দেখা যায়। [[এছিয়া]]ৰ কোনো কোনো দেশত ৰামলীলাৰ দৰে নাট্যশৈলী গঢ় লোৱা দেখা গৈছে। উদাহৰণ স্বৰূপে [[লাওচ]] আৰু [[থাইলেণ্ড]]ৰ ফ্ৰা লাক ফ্ৰা লামৰ উল্লেখ কৰিব পাৰি। লাওচীয় ভাষাত লাক আৰু লাম [[ৰাম]] আৰু [[লক্ষ্মণ]]ৰ নাম।<ref name="Brockington1998p2">{{cite book|author=J. L. Brockington|title=The Sanskrit Epics|url=https://books.google.com/books?id=HR-_LK5kl18C |year=1998|publisher=BRILL Academic|isbn=90-04-10260-4|pages=1–6}}</ref><ref>{{cite book|author=Vittorio Roveda|title=Sacred Angkor: The Carved Reliefs of Angkor Wat|url=https://books.google.com/books?id=ph4xAQAAIAAJ|year=2003|publisher=Weatherhill|isbn=978-0-8348-0524-8|pages=16, 256–258}}</ref><ref name=vatsyayan335>{{cite book|author=Kapila Vatsyayan|editor=Mandakranta Bose|title=The Ramayana Revisited |url=https://books.google.com/books?id=2Ar2Qfr-UeQC&pg=PA339 |year=2004|publisher=Oxford University Press |isbn=978-0-19-516832-7|pages=335–339}}</ref>
== তথ্য উৎস ==
"https://as.wikipedia.org/wiki/ৰামলীলা"ৰ পৰা অনা হৈছে