মণিকূট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
37 নং শাৰী:
 
 
[[অসম]]ৰ [[বৈষ্ণৱ]] [[সংস্কৃতি]]ৰ এটি উল্লেখযোগ্য সম্পদ হ’ল [[মণিকূট]] ৷ [[অসম]]ৰ প্ৰায় প্ৰতিখন গাঁৱতে [[নামঘৰ]]ৰ সংলগ্নকৈ [[মণিকূট]]টো সজা দেখা যায় ৷ [[নামঘৰ]] অথবা [[কীৰ্তনঘৰ]]টো থাকে পূবা-পশ্চিমাকৈ ৷ [[নামঘৰ]]টো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই [[মণিকূট]]টো উত্তৰা-দক্ষিণাকৈ সজা হয় ৷ এই [[মণিকূট]]ৰ সোঁ-মাজত [[সিংহাসন বা গুৰু আসন]] স্থাপন কৰি তাত [[মহাপুৰুষ]] [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰীমন্ত মাধৱদেৱ]]ৰ [[কীৰ্তন-দশম]],[[ঘোষা]] আৰু [[ৰত্নাৱলী]]ৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয় ৷ [[মণিকূট]] শব্দৰ মূলগত অৰ্থ হ’ল [[ৰত্ন]] থোৱা ঘৰ ৷ [[মণিকূট]]বোৰ সাধাৰণতে দুচলীয়া ৷ [[বৰপেটা]] [[সত্ৰ]]ৰ [[মণিকূট]]টো চাৰিচলীয়া ৷ চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ ৷ সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰ ৷ [[প্ৰত্নতাত্ত্বিক]] [[ৰাজমোহন নাথ]] ডাঙৰীয়াই [[বৌদ্ধ]] গ্ৰন্থত উল্লিখিত [[বংগ]] গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে ৷ [[মণিকূট]]টো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্ট আছে ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন [[নামঘৰ]] আৰু [[মণিকূট]]ৰ গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীনগতিশীল হৈ আছে ৷
 
=== তথ্যসংগ্ৰহ- ===
"https://as.wikipedia.org/wiki/মণিকূট"ৰ পৰা অনা হৈছে