জাহানাৰা বেগম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
25 নং শাৰী:
'''জাহানাৰা বেগম''' ({{lang-fa|جہان آرا بیگم}}; {{lang-en| Jahanara Begum }}; ২৩ মাৰ্চ ১৬১৪ – ১৬ চেপ্তেম্বৰ ১৬৮১) এগৰাকী মোগল ৰাজকুমাৰী আৰু ১৬৩১ চনৰ পৰা ১৬৮১ চনলৈ [[পাটশাহ বেগম]] আছিল। তেওঁ সম্ৰাট [[শাহ জাহান]] আৰু [[মমতাজ মহল]]ৰ জ্যেষ্ঠ সন্তান আছিল।<ref>{{cite web|url=http://nrcw.nic.in/shared/sublinkimages/90.htm |title=Begum, Jahan Ara (1613-1683) |date=10 April 2009 |access-date=11 January 2016 |url-status=dead |archive-url=https://web.archive.org/web/20090410033725/http://nrcw.nic.in/shared/sublinkimages/90.htm |archive-date=10 April 2009 }}</ref> সাধাৰণতে বেগম চাহিব বুলি উল্লিখিত বেগম জাহানাৰা [[দাৰা চিকো]] আৰু [[ঔৰংজেৱ]]ৰ বায়েক আছিল।<ref name=TNI>{{cite news|url=https://www.thenews.com.pk/tns/detail/568025-princess-jehan-aras-chauburji |date=30 June 2019|author=Sana Mir|title=Jehan Ara's Chauburji |newspaper=The News International (newspaper)|access-date=19 November 2020}}</ref>
 
==পাটশাহ বেগম==
মমতাজ মহলৰ ১৬৩১ চনত মৃত্যু হোৱাৰ পিছত, মাত্ৰ সোতৰ বছৰ বয়সত জাহানাৰাই মাকে এৰি থৈ যোৱা [[পাটশাহ বেগম]]ৰ অৰ্থাৎ মোগল সাম্ৰাজ্যৰ ‘প্ৰথম নাৰী’ৰ আসনত উপবিষ্ট হৈছিল। যদিও সম্ৰাট শাহ জাহানৰ আৰু তিনিগৰাকী পত্নী আছিল, সকলোকে চেৰাই সম্ৰাটৰ আটাইতকৈ মৰমৰ জীয়ৰী জাহানাৰাই পাটশাহ বেগম হৈছিল। দেউতাকৰ শাসনকালত ৰাজনৈতিক বিষয়ত তেওঁ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ৰ মোগল সাম্ৰাজ্যৰ আটাইতকৈ "ক্ষমতাশালী মহিলা" বুলি পৰিগণিত হৈছিল।<ref>{{cite book |last1=ASHER |first1=CATHERINE |last2=Asher |first2=Catherine Ella Blanshard |last3=Asher |first3=Catherine Blanshard |last4=Asher |first4=Catherine B. |title=Architecture of Mughal India |date=1992 |publisher=Cambridge University Press |isbn=9780521267281 |page=265 |url=https://books.google.com/books?id=3ctLNvx68hIC&q=jahanara+death&pg=PA265 |language=en}}</ref>
 
জাহানাৰা আছিল শাহ জাহানে মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰ হিচাপে বিচৰা দাৰা চিকোৰ উগ্ৰ সমৰ্থক। ১৬৫৭ চনত শাহ জাহান অসুখত পৰাত মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰক লৈ কন্দল হওঁতে তেওঁ দাৰা চিকোৰ পক্ষ লৈছিল আৰু অৱশেষত যেতিয়া ঔৰংজেৱে দেউতাকক শাহ জাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ নিজে সম্ৰাট হ’ল, তেতিয়া জাহানাৰাই শাহ জাহানক লগ কৰিবলৈ [[আগ্ৰা]] দুৰ্গলৈ গৈছিল। দেউতাকৰ প্ৰতি সমৰ্পিত প্ৰাণ জাহানাৰাই ১৬৬৬ চনত দেউতাকৰ মৃ্ত্যু হোৱালৈকে যতন লৈছিল। পিছলৈ [[ঔৰংজেৱ]]ৰ সৈতে তেওঁৰ সম্পৰ্ক মধুৰ হৈছিল আৰু ইতিমধ্যে ভনীয়েক [[ৰোচনাৰা বেগম|ৰোচনাৰা বেগমে]] উপবিষ্ট হোৱা মোগল সাম্ৰাজ্যৰ প্ৰথম নাৰী [[পাটশাহ বেগম]]ৰ আসনত তেওঁ পুনৰ বহিছিল। জাহানাৰা অবিবাহিত আছিল আৰু ঔৰংজেৱৰ শাসন কালতে তেওঁৰ মৃত্যু হৈছিল।<ref>Preston, page 285.</ref>
==চুফীবাদৰ সৈতে সম্পৰ্ক==
ভায়েক দাৰা চিকোৰ সৈতে জাহানাৰাক ১৬৪১ চনত গুৰু মোল্লা শাহে [[চুফীবাদ|চুফী]] পন্থত দিক্ষিত কৰে।<ref name="Schimmel 1997 50" /> জাহানাৰা এগৰাকী লেখক আছিল। তেওঁ সন্ত ময়নুদ্দিন চিষ্টিৰ বিষয়ে ''মুনিচ অল-আৰৱা'' নামেৰে, এখন জীৱনী গ্ৰন্থ লিখিছিল। লগতে মোল্লা শাহৰো ''ৰিচালাহ-উ-সাহিবা'' নামৰে জীৱনী এখন লিখিছিল, য’ত মোল্লা শাহৰ ওচৰত তেওঁ দীক্ষা লোৱাৰ উল্লেখ আছে।<ref>{{cite book|title=A History of Sufism in India|last=Rizvi|first=Saiyid Athar Abbas|publisher=Mushiram Manoharlal|year=1983|isbn=81-215-0038-9|volume=2|location=New Delhi|page=481}}</ref> ময়নুদ্দিন চিষ্টিৰ জীৱনীখন ইয়াৰ বিচাৰ আৰু সাহিত্যিক মানদণ্ডৰ ক্ষেত্ৰত অতি উচ্চখাপৰ বুলি গণ্য কৰা হয়। মৃত্যুৰ চাৰি শতিকা পিছতো চিষ্টিয়ে জাহানাৰাক আধ্যাত্মিকতাৰ দীক্ষা দিয়া বুলি তথা সন্তগৰাকীৰ দৰগাহ আজমেৰ ভ্ৰমণ কৰাৰ উল্লেখ গ্ৰন্থখনত কৰা হৈছে। জাহানাৰাই নিজকে ফকীৰা (মহিলা চুফী অনুগামী) আখ্যা দিছে।<ref>{{cite book|title=Women of Sufism: A Hidden Treasure|last=Helminski|first=Camille Adams|publisher=Shambhala|year=2003|isbn=1-57062-967-6|location=Boston|page=129}}</ref>
 
জাহানাৰৰ মতে ভায়েক দাৰা আৰু তেৱেঁ টাইমূৰ বংশৰৰ একমাত্ৰ চুফীবাদৰ অনুগামী।<ref>{{cite book|title=Dārā Shikūh: Life and Works|last=Hasrat|first=Bikrama Jit|publisher=Munshiram Manoharlal|year=1982|edition=second|location=New Delhi|page=64}}</ref>
যদিও ঔৰংজেৱেও চুফীবাদৰ এজন অনুগামীৰূপে প্ৰশিক্ষিত আছিল। চুফী সাহিত্যৰ পৃষ্ঠপোষক ৰূপে জাহানানাৰ বহুতো ধ্ৰুপদী সাহিত্যৰ অনুবাদ আৰু টীকা-ভাষ্য ৰচনা কৰাইছিল।<ref>{{cite book|title=My Soul Is a Woman: The Feminine in Islam|last=Schimmel|first=Annemarie|publisher=Continuum|year=1997|isbn=0-8264-1014-6|location=Nw York|page=51|author-link=Annemarie Schimmel}}</ref>
==তথ্য উৎস==
{{reflist}}