নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[Category:জীৱনী]]
 
'''নিৰুপমা বৰগোহাঞি'''(১৯৩২ –) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক ৰূপে সুপ্ৰসিদ্ধ । নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । প্ৰগতিশীল আদৰ্শৰ নিৰুপমা তামুলীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ. আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত এম.এ. উপাধি লৈ কিছুকাল অধ্যাপনা কৰে । ১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্বও বহন কৰে । নাৰীৰ সামাজিক মৰ্যদাক সদা গুৰুত্ব দি অহা নিৰুপমা তামুলী হোমেন বৰগোহাঞিৰ লগত ষাঠিৰ দশকতে বিবাহ পাশত আৱদ্ধ হয় । তেখেতে "অভিযাত্ৰী" উপন্যাসৰ বাবে ১৯৯৬ চনত [[সাহিত্য অকাডেমি বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] লাভ কৰে । তেখেতে [[প্ৰবীণা শ‍ইকীয়া]] বঁটাও লাভ কৰে ।