কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
82 নং শাৰী:
এই উদ্ধৃতিটোৰ পৰাই গম পোৱা যায়- এই সময়ছোৱালৈকে এজন বিশুদ্ধ দাৰ্শনিকৰ দৃষ্টিৰেই মাৰ্ক্সে ৰাজনৈতিক প্ৰশ্নসমূহৰ পৰ্যালোচনা কৰিছিল। তেওঁ দৰ্শনবিদ তথা শ্ৰমিকসকলৰ এক মিত্ৰতাৰ কথা কল্পনা কৰিছিল য’ত দাৰ্শনিকসকলে নেতৃত্বকাৰী ভূমিকা পালন কৰিব। অৰ্থাৎ বিপ্লৱী প্ৰক্ৰিয়াত শ্ৰমিকসকলৰ ভূমিকা হব দ্বিতীয় পৰ্যায়ৰ, এইক্ষেত্ৰত দাৰ্শনিকসকলহে আগৰণুৱা হ’ব। মাৰ্ক্সৰ ভাষাত ‘এই মুক্তি [সংগ্ৰাম]ৰ হৃদয় হ’ব শ্ৰমিকসকল আৰু মগজু হ’ব দাৰ্শনিকসকল’(Collected Works, Vol. iii, পৃষ্ঠা ১৮৩, ১৮৭)। শ্ৰমিক শ্ৰেণীৰ বিপুল শক্তিৰ মাজতেই বিপ্লৱৰ সোপান সন্ধান কৰাৰ পৰিবৰ্তে ‘শ্ৰমিকৰ দৰিদ্ৰতাই তেওঁলোকক বিপ্লৱী পথেৰে লৈ যাব’ – মাৰ্ক্সৰ এই জাতীয় বাক্যাংশসমূহৰ মাজত মাজে সময়ে এলিট(elite)আৰু প্ৰশ্ৰয়মূলক (patronizing) দৃষ্টিভংগীৰ গোন্ধ পোৱা যায়।
 
অৱশ্যে অতি সোনকালেই মাৰ্ক্সে এই দুৰ্বলতা শুদ্ধ কৰি ললে। এই ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰা দেখা যায়। প্ৰথমতে, পেৰিছতেই মাৰ্ক্সে পোন প্ৰথমবাৰৰ বাবে [[এডাম স্মিথ]], ডেভিদ ৰিকাৰ্ডো আদি ধ্ৰুপদী ৰাজনৈতিক-অৰ্থনীতিবিদসকলৰ লেখনীবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এই অধ্যয়নসমূহৰ ফচল আছিল আন এখনি পাণ্ডুলিপিঃ The Economic and Philosophic Manuscripts, 1844। মাৰ্ক্সৰ আন আন লেখনীৰ দৰেই এই পাণ্ডুলিপিখনৰো প্ৰথম প্ৰকাশন ১৯৩২ চনতহে সম্ভৱপৰ হয়গৈ। এই পাণ্ডুলিপিখনতেই ‘ইতিহাসৰ বস্তুবাদী তত্ত্ব’ (materialist conception of history) সম্পৰ্কীয় মাৰ্ক্সৰ প্ৰাৰম্ভিক চিন্তাধাৰাৰ পৰিচয় পোৱা যায়। কিন্তু অধিক গুৰুত্বপূৰ্ণভাৱে, এইখনি ৰচনাতেই মাৰ্ক্সে শ্ৰমিকৰ বৈপ্লৱিক ভূমিকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে। মাৰ্ক্সে লিখিলে যে [[পুঁজিবাদ|পুঁজিবাদী]] উৎপাদন প্ৰক্ৰিয়াটোত শ্ৰমিকসকলৰেই আটাইতকৈ কেন্দ্ৰীয় ভূমিকা থাকে। সেয়েহে এই ব্যৱস্থাটো ধ্বংস কৰাৰ ক্ষেত্ৰত শ্ৰমিকসকলৰেই আটাইতকৈ বেছি ভূমিকা থাকিব। মাৰ্ক্সৰ ভাষাত "ব্যক্তিগত মালিকানা আৰু শ্ৰমৰ অহি-নকুল সম্পৰ্কৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে ব্যক্তিগত মালিকানা তথা দাসত্ত্বৰ পৰা সামাজিক মুক্তি শ্ৰমিকসকলৰ ৰাজনৈতিক মুক্তিৰ ৰূপতেই সম্ভৱপৰ হ’ব"। (Collected Works, Vol. iii, পৃষ্ঠা ২৮০)।
 
শ্ৰমিক সম্পৰ্কে মাৰ্ক্সৰ দৃষ্টিভংগী সলনি হোৱাৰ আনটো কাৰণ হৈছে- সেই সময়ৰ জাৰ্মান শ্ৰমিকসকলৰ চমকদাৰ তথা জংগী শক্তি প্ৰদৰ্শন। ইয়েই শ্ৰমিকসকল যে কোনো নিষ্ক্ৰিয় সত্তা (passive element )নহয়, সেই কথা মাৰ্ক্সক বুজাই দিলে। ১৮৪৪ চনৰ জুন মাহত চিলেচিয়াৰ বস্ত্ৰ শ্ৰমিকসকলে মালিকৰ শোষণৰ বিৰুদ্ধে এক তুমুল প্ৰতিবাদী কাৰ্যসূচী হাতত ললে। বিদ্ৰোহী শ্ৰমিকসকলক নিয়ন্ত্ৰিত কৰিবলৈ আনকি সেনা বাহিনীও মোতায়েন কৰিব লগা হল। আৰ্নল্ড ৰুজে ছদ্মনামত পেৰিছৰ জাৰ্মান কাকত এখনত বিদ্ৰোহটো নস্যাৎ কৰি শ্ৰমিকসকলৰ প্ৰতি ইতিকিংসূচক এটা প্ৰবন্ধ লিখিলে। বহুতে প্ৰবন্ধটো মাৰ্ক্সেই লিখা বুলি ধৰি ললে। এই বিষয়ে গম পাই মাৰ্ক্স তিঙিৰি তুলা হৈ পৰিল। ৰুজৰ প্ৰবন্ধটো কঠোৰ ভাষাৰে সমালোচনা কৰি মাৰ্ক্সে বিদ্ৰোহী শ্ৰমিকসকলৰ সাহস, চেতনা আৰু সাংগঠনিক শক্তিৰ ভূয়সী প্ৰশংসা কৰিলে। মাৰ্ক্সে ঘোষণা কৰিলে – শ্ৰমিকসকল ভাবী জাৰ্মান বিপ্লৱৰ নিষ্ক্ৰিয় অংশ হোৱাৰ পৰিবৰ্তে, তেওঁলোকেই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ‘গতিশীল উপাদান’ৰ ভূমিকা পালন কৰিব (Collected Works, Vol.iii, পৃষ্ঠা ২০২)। ইয়াৰ লগে লগেই অৱশেষত এজনা বিপ্লৱী কমিউনিষ্টৰ ৰূপত মাৰ্ক্সৰ উদয় হ’ল।
132 নং শাৰী:
এইবাৰ লণ্ডনৰ পৰাই দুয়ো বন্ধু কমিউনিষ্ট লীগৰ পুনৰ্গঠনৰ কামত নিমগ্ন হৈ পৰিল। বিপ্লৱৰ কালছোৱাত মাৰ্ক্স–এংগেলছৰ অবৰ্তমানত লীগৰ কাম কাজ প্ৰায় স্থবিৰ হৈ পৰিছিল। সি যি কি নহওক, বিপ্লৱী জুইকুৰা শাম কটাৰ পাছত লীগৰ কেন্দ্ৰীয় কমিটিৰ অফিচ লণ্ডনলৈ স্থানান্তৰিত কৰা হল। লীগৰ মুখপাত্ৰ হিচাপে পুনৰ এখন নতুন কাকত The Neue Rheinische Zeitung: Politisch-Oekonomisch Revue প্ৰকাশ পালে। এইখন কাকততে ফ্ৰাঞ্চৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে মাৰ্ক্সৰ এলানি প্ৰবন্ধ প্ৰকাশিত হল। The Class Struggles in France নামেৰে প্ৰকাশিত হোৱা এই ৰচনাখিনিত তেওঁ ১৮৪৮-৪৯ৰ বিপ্লৱৰ এক মূল্যবান বিশ্লেষণ আগবঢ়ালে। লগতে মাৰ্ক্সে এই আশাও ব্যক্ত কৰিলে যে হয়তো অতি সোনকালেই বিপ্লৱৰ তুঁহ-জুইকুৰা পুনৰ দপদপাই জ্বলি উঠিব। ১৮৫০চনৰ মাৰ্চত মাৰ্ক্সে লীগৰ কেন্দ্ৰীয় কমিটিৰ এখন খচৰা আহ্বান প্ৰস্তুত কৰি উলিয়ালে, যত কোৱা হল –‘বিপ্লৱৰ অন্তিম পৰ্যায় সন্নিকট’ (Collected Works, Vol. x, পৃষ্ঠা ২৭৯)। বিপ্লৱ-কালত সকলো সাম্যবাদীৰ একত্ৰিত অংশগ্ৰহণ সুনিশ্চিত কৰিবৰ বাবে এইবাৰ ব্লাংকৰ অনুগামীসকলৰ সংগঠন The Universal Society of Revolutionary Communistsৰ সৈতে লীগৰ সদস্যসকল এক বুজা-পৰালৈ আহিল। এই ব্লাংকপন্থীসকলৰ ঘোষিত উদ্দেশ্য আছিলঃ ‘সকলো বিশেষাধিকাৰী শ্ৰেণীৰ উচ্ছেদকৰণ, এই সমস্ত শ্ৰেণীসমূহৰ ওপৰত সৰ্বহাৰাৰ একনায়কত্ব স্থাপন আৰু ইয়াৰ দ্বাৰাই নিৰালস্য গতিৰে কমিউনিজিম পৰ্যন্ত বিপ্লৱৰ অবিৰত যাত্ৰা সুনিশ্চিতকৰণ’(Collected Works, Vol. x, পৃষ্ঠা ৬১৪)।
 
১৮৫০ চনৰ মাজভাগলৈকে এই জাতীয় সমস্ত প্ৰস্তুতি তথা আশাবাদ মৰীচিকা যেনেই প্ৰমাণিত হল। বছৰটো শেষ নহওঁতেই এই কথা স্পষ্ট হৈ পৰিল যে ১৮৪৮ৰ লেখীয়া বিপ্লৱী ধুমুহা সোনকালে পুনৰ অহাৰ কোনো আশা নাই। মাৰ্ক্সেও প্ৰত্যক্ষ্য ৰাজনৈতিক কাম-কাজৰ পৰা আঁতৰি আহি [[পুঁজিবাদ]] সম্পৰ্কীয় পঢ়াশুনাত মনোনিবেশ কৰিবলৈ ঠিক কৰিলে। ১৮৫০ চনৰ মাজভাগত তেওঁ ব্ৰিটিছ মিউজিয়ামৰ ৰিডিং ৰুমৰ সদস্যপদ লাভ কৰিলে। লাইব্ৰেৰীত সোমায়েই মাৰ্ক্স অৰ্থনীতি সম্পৰ্কীয় অধ্যয়নত নিমগ্ন হৈ পৰিল। এইক্ষেত্ৰত ‘দ্য ইক’ন’মিষ্ট’ আলোচনীখনে তেওঁৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিলে। কিছু পঢ়া শুনা কৰাৰ পাছত মাৰ্ক্স এই সিদ্ধান্তত উপনীত হল যে সোনকালে বিপ্লৱী জোৱাৰ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। Revueৰ অন্তিমটো সংখ্যাত প্ৰকাশিত এটি প্ৰবন্ধত তেওঁ লিখিলে যে ১৮৪৮ৰ বিপ্লৱী জোৱাৰৰ নেপথ্যত ১৮৪৫ মানৰে পৰা সমগ্ৰ ইউৰোপজুৰি ব্যাপি অহা অৰ্থনৈতিক সংকটে ক্ৰিয়া কৰিছিল। পিছে ১৮৫০ চনৰ পাছৰে পৰা বিশ্ব অৰ্থনীতিয়ে সম্প্ৰসাৰণৰ এক নতুন পৰ্যায়ত প্ৰবেশ কৰিছে। এই ক্ষেত্ৰত বিভিন্ন কাৰক যেনে কেলিফৰ্ণিয়াত সোণৰ আৱিষ্কাৰ, ভাপ ইঞ্জিনে সুচল তথা দ্ৰুত কৰি তোলা যাতায়াত ব্যৱস্থা ইত্যাদিয়ে সহায়ক ভূমিকা লৈছেঃ
 
বৰ্তমানৰ এই সমৃদ্ধিৰ পৰিস্থিতিত, যেতিয়া নেকি বুৰ্জোৱা সমাজৰ উৎপাদিকা শক্তিসমূহ বুৰ্জোৱা সম্বন্ধসমূহৰ অধীনত যিমান দূৰৈলৈকে সম্ভৱ সিমান খিনিলৈকে বিকশিত হব ধৰিছে, এনে সময়ত ততালিকে বিপ্লৱৰ আশা কৰাটো বাতুলতা মাত্ৰ হব। বিপ্লৱ সংঘটিত হবলৈ প্ৰয়োজন হয় সংকটকালীন সময়ৰ, যেতিয়া আধুনিক উৎপাদিকা শক্তি আৰু বুৰ্জোৱা উৎপাদন প্ৰণালীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ...এক নতুন সংকটেহে এক নতুন বিপ্লৱৰ জন্ম দিব পাৰিব। পিছে এই সংকট তথা বিপ্লৱ এসময়ত যে আহিবই, সেয়া নিৰ্ঘাট সত্য। (Collected Works, Vol. x, পৃষ্ঠা ৫১০)।