মণ্ডল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
'''মণ্ডল''' ({{lang-sa|मण्डल}}, {{lang-en|Mandala}}) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনৰ সৰঞ্জাম হিচবেও ব্যৱহাৰ কৰা হয়। [[হিন্দু]], [[বৌদ্ধ]], [[জৈন]] আৰু [[:en:Shinto|শিন্তো]] আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ-দেৱীৰ প্ৰতিনিধিত্বকাৰী মানচিত্ৰ হিচাবে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাৱে শিন্তুো ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ, ভগৱান বা পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়।<ref>https://www.merriam-webster.com/dictionary/mandala</ref><ref>Tanabe, Willa Jane (2001). "Japanese Mandalas: Representations of Sacred Geography". Japanese Journal of Religious Studies. 28 (1/2): 186–188. JSTOR 30233691.</ref>
[[File:Vishnu Mandala.jpg|thumb|[[বিষ্ণু]]দেৱতাৰ মণ্ডল]]
খৃষ্টপূৰ্বৰ প্ৰথম শতাব্দীত, মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্প কলা হিচাবে প্ৰদৰ্শন কৰা হৈছিল৷<ref>https://asiasociety.org/exploring-mandala</ref> এই নতুন যুগত মণ্ডলটো এটা চিত্ৰ, তালিকা বা ৰেখা গণিতৰ নমুনা হিচাবে গণ্য কৰি বিশ্বব্ৰহ্মাণ্ডৰ সময়-ক্ষুদ্ৰবিশ্বৰ প্ৰতিক হিচাবে বৰ্ণনা কৰা হয়। প্ৰথমে ইয়াক এটা অখণ্ড বস্তু আৰু জীৱনৰ সাংগঠানিক গঢ় ৰূপে চিত্ৰঙ্কিত কৰা হৈছিল।
 
== হিন্দু ==
 
=== ধাৰ্মিক অৰ্থ ===
হিন্দু ধৰ্মত এটি সাধাৰণ মৌলিক মণ্ডলক যন্ত্ৰও কোৱা হয়। ইয়াক কেতিয়াবা এটা কেন্দ্ৰবিন্দুৰে বৃত্তাকাৰ আৰু চাৰিখন দুৱাৰ থকা এটা বৰ্গক্ষেত্ৰৰ আকাৰটো অঁকা হয়। প্ৰতেক দুৱাৰ দেখাত সাধাৰণতে ইংৰাজী T ৰ দৰে হয়৷<ref>http://www.kheper.net/topics/Buddhism/mandala.html</ref> মণ্ডলবোৰত সাধাৰণতে ৰশ্মিসংক্ৰান্ত ভাৰসাম্য়ও থাকে। এটা যন্ত্ৰ মণ্ডলৰ দৰেই, কিন্তু সৰু আৰু সীমিত ৰঙ ব্যৱহাৰ কৰা হয় ।
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/মণ্ডল"ৰ পৰা অনা হৈছে