চায়ৰা বানু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
25 নং শাৰী:
*''হেৰা ফেৰী'' (১৯৭৬)}}
}}
'''চায়ৰা বানু''' ({{lang-en|Saira Banu}}; জন্ম ২৩ আগষ্ট ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। চায়ৰা বানো নামেৰেও জনাজান এইগৰাকী অভিনেত্ৰীয়ে ১৯৬১ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত অসংখ্যা বলীউডী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ আছিল [[হিন্দী]] চলচ্চিত্ৰ উদ্যোগৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম। ১৯৬৩ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ তৃতীয় আৰু ১৯৭১ চনৰ পৰা ১৯৭৬ চনলৈ চতুৰ্থ সৰ্বাধিক পাৰিশ্ৰমিক অৰ্জন কৰা অভিনেত্ৰী আছিল। তেওঁৰ অভিনেতা [[দিলীপ কুমাৰ]]ৰ সৈতে বিবাহ হৈছিল।<ref>https://nasheman.in/nostalgia-saira-banu/</ref><ref>{{cite web|title=Dilip Kumar saw a psychoanalyst after acting as Devdas|url=http://www.tribuneindia.com/2002/20020707/spectrum/book3.htm|publisher=The Sunday Tribune|access-date=2011-08-14|author=Devinder Bir Kaur|date=7 July 2002}}</ref>
'''চায়ৰা বানু''' ({{lang-en|Saira Banu}}
==ব্যক্তিগত জীৱন==
১৯৪৪ চনৰ ২৩ আগষ্টত চায়েৰা বানুৰ জন্ম হৈছিল [[উত্তৰাখণ্ড]]ৰ মুচৌৰীৰ এটা চহকী মুছলমান পৰিয়ালত জন্ম হৈছিল। তেওঁৰ শৈশৱৰ বেছিভাগ দিন [[লণ্ডন]]ত কটাইছিল। তেওঁৰ মাক [[নাচিম বানু]]ও এগৰাকী অভিনেত্ৰী আছিল। ‘সৌন্দৰ্যৰ ৰাণী’ অভিধা পোৱা নাচিম বানুক ভাৰতৰ প্ৰথম মহিলা চুপাৰষ্টাৰ বুলি কোৱা হয়। দেউতাক এহচান-উল-হকো এজন নামী চলচ্চিত্ৰ প্ৰযোজক আছিল। চায়েৰা সৰু থাকোঁতেই মাক-দেউতাকৰ এৰাএৰি হয়। সেয়েহে মাকে তেওঁক লণ্ডনলৈ পঠাই দিছিল আৰু তেওঁৰ লিখা-পঢ়া তাতেই হৈছিল।<ref name="bio">{{cite web | url=https://www.youtube.com/watch?v=tXmLQ09XSuM | title=Biography: Saira banu | publisher=Kissa TV | accessdate=25 March 2021}}</ref>
১৯৬৬ চনৰ ১১ অক্টোবৰত দিলীপ কুমাৰৰ সৈতে তেওঁৰ বিবাহ হয়।<ref>{{cite web|title=Dilip Kumar turns 84|url=http://ibnlive.in.com/news/dilip-kumar-turns-84-/28169-8.html|publisher=[[IBN Live]]|access-date=2011-08-14|date=11 December 2006}}</ref> বানুৰ বয়স তেতিয়া ২২ বছৰ আৰু দিলীপ কুমাৰৰ বয়স ৪৪ বছৰ আছিল।<ref>{{Cite web|title=Age no bar for these Bollywood couples|url=https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/age-no-bar-for-these-bollywood-couples/Dilip-Kumar-Saira-Banu/photostory/61561209.cms|website=Times of India}}</ref> দম্পত্তিহালৰ কোনো সন্তান নাই। ২০১৪ চনত প্ৰকাশিত দিলীপ কুমাৰৰ আত্মজীৱনী ''দিলীপ কুমাৰ: দ্য চাবষ্টেনছ্ এণ্ড দ্য শ্বেডো ''ত উল্লেখ কৰা হৈছে যে ১৯৭২ চনত চায়ৰা গৰ্ভৱতী হৈছিল। কিন্তু গৰ্ভকালৰ অষ্টমমাহত হোৱা অত্যধিক উচ্চ ৰক্তচাপৰ বাবে কেঁচুৱাটো বচাব পৰা নগ’ল। দম্পত্তিহালে বিশ্বাস কৰে যে সন্তান পোৱাটো ঈশ্বৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।<ref>{{Cite book |last=Kumar |first=Dilip |title=Dilip Kumar: The Substance and the Shadow |publisher=Hay House India |year=2014 |isbn=9789381398968}}</ref>
==কৰ্মজীৱন==
১৯৬০ চনত চায়েৰা বানু ভাৰতলৈ উভতি আহে। তেতিয়া তেওঁৰ বয়স ১৬ বছৰ।<ref>{{Cite web |last=Rana Siddiqui Zaman |date=2010-08-12 |title=Arts / Cinema : My First Break: Saira Banu |url=http://www.thehindu.com/arts/cinema/article566682.ece |access-date=2012-07-10 |publisher=The Hindu}}</ref> তেওঁ [[চলচ্চিত্ৰ]]ত অভিনয় কৰাৰ বাবে অডিচন দিয়া আৰম্ভ কৰে। ''হম হিন্দুস্থানী''ৰ বাবে তেৱোঁ অডিচন দিছিল। কিন্তু তেতিয়া তেওঁৰ বয়স যথেষ্ঠ কম হোৱা বাবে তেওঁক মূল চৰিত্ৰ সলনি পাৰ্শ্ব চৰিত্ৰ যচা হ’ল। চায়েৰাই পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিবলৈ মান্তি নহ’ল। তেওঁ স্পষ্টকৈ কৈ দিলে যে যদি কৰিবই লাগে তেন্তে নায়িকাৰ ভূমিকাতহে অভিনয় কৰিব। ১৯৬১ চনত চায়েৰাৰ শাম্মী কাপুৰৰ নায়িকা হ’বলৈ সুযোগ আহিল ''জঙ্গলী'' (১৯৬১) ছবিত। ছবিখন ব্যৱসায়িকভাবে অতি সফল হয়। জঙ্গলীত কৰা অভিনয়ৰ বাবে তেওঁ [[ফিল্মফেয়াৰ বঁটা]]ৰ মনোনয়নো পায়। <ref>{{Cite web |last=Devinder Bir Kaur |date=7 July 2002 |title=Dilip Kumar saw a psychoanalyst after acting as Devdas |url=http://www.tribuneindia.com/2002/20020707/spectrum/book3.htm |access-date=2011-08-14 |publisher=The Sunday Tribune}}</ref>
 
[[দিলীপ কুমাৰ]]ৰ সৈতে অভিনয় কৰিবলৈ তেওঁৰ বহুত আগ্ৰহ আছিল। কিন্তু এই আগ্ৰহ দুয়োৰো বিয়াৰ পিছতহে ফলৱতী হয়। ''বৈৰাগ'' (১৯৭৬),''চাগিনা'' (১৯৭০) আৰু ''গোপী''ত (১৯৭০) দুয়ো একেলগে কাম কৰে। চায়েৰাৰ প্ৰথম ছবি জঙ্গলীত [[শাম্মী কাপুৰ]] তেওঁৰ নায়ক আছিল। আনহাতে ''জমীৰ'' ছবিত শাম্মী কাপুৰ চায়েৰাৰ দেউতাক হয়। তাত নায়কৰ চৰিত্ৰ কৰিছিল [[অমিতাভ বচ্চন|অমিতাভ বচ্চনে]]। তেওঁৰ বিশেষ বিশেষ ছবি কেইখনমান হ’ল- ''পড়োচন'', ''চৈতালী'', ''ব্লাফ মাষ্টাৰ'', ''আয়ী মিলন কী বেলা'', ''এপ্ৰিল ফুল'', ''শাগিৰ্ড'', ''দিৱানা'', ''ঝুক গয়া আসমান'', ''আদমী ঔৰ ইনচান'', ''বলিদান'', ''জোৱাৰ-ভাটা'', ''ৰেশম কী ডোৰী'', ''চাজিশ'', ''হেৰাফেৰী'' আৰু ''নহলে পে দেহলা''।<ref name="bio" />
==তথ্য উৎস==
{{Reflist}}
==বাহ্যিক সংযোগ==
{{Commons category}}
* {{IMDb name|0052570|name=Saira Banu}}
 
[[Category:হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী]]