বিশ্ব ঘৰচিৰিকা দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
4 নং শাৰী:
== ঘৰচিৰিকাৰ সংকট ==
বিশ্বত দেখা পোৱা বহু প্ৰজাতিৰ ঘৰচিৰিকাৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে৷ অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায়৷ এইকেইবিধ হৈছে- ঘৰচিৰিকা (House Sparrow), ইউৰেছিয়ান ট্ৰী স্পেৰ’ (Eurasian Tree Sparrow) আৰু ৰাছেট স্পেৰ’ (Russet Sparrow)৷<ref>https://indiabiodiversity.org/</ref> ঘৰচিৰিকাই ইহঁতে বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়৷<ref>http://datazone.birdlife.org/species/factsheet/house-sparrow-passer-domesticus</ref> ই মানুহৰ বাবে বহুতো উপকাৰো কৰে৷ বিশেষকৈ মহৰ কণী আদি খাই ইহঁতে বিভিন্ন ৰোগ যেন মেলেৰিয়া আৰু ডেংগু আদি নিয়ন্ত্ৰণ কৰিব পাৰে৷ তাৰোপৰি ইহঁতে গছে গছে উৰি ফুৰি পৰাগ ৰেণু কঢ়িয়াই পৰাগযোগতো সহায় কৰে৷ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি ঘৰচিৰিকা খুবেই সংবেদনশীল৷ গতিকে এই চৰাইবিধক নগৰীয়া পৰিৱেশৰ স্বাস্থ্যৰ পৰিচায়ক (Bioindicator) বুলিও গণ্য কৰা হয়৷<ref>https://www.researchgate.net/publication/272387348_House_sparrow_Passer_domesticus_as_bioindicator_of_heavy_metals_pollution/citations</ref>
শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে৷<ref>https://www.entomoljournal.com/archives/2020/vol8issue2/PartT/8-2-157-502.pdf</ref> ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল, মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ৷ তেনেদৰে নগৰীকৰণ (urbanization), খেতি-পথাৰত কীটনাশক (insecticide) আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে৷<ref>Berigan, Liam A., Emma I. Greig, and David N. Bonter. "Urban House Sparrow (Passer domesticus) populations decline in North America." ''The Wilson Journal of Ornithology'' (2020).</ref>
|