গেছ টাৰ্বাইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
4 নং শাৰী:
 
== বিদ্যুৎ উৎপাদন ==
গেছ টাৰ্বাইনে যিকোনো পৰিস্থিতিতে বিদ্যুৎ উৎপাদন কৰিব পাৰে। বিদ্যুৎ উৎপাদনত সচৰাচৰ ব্যৱহৃত জলবিদ্যুতৰ উৎপাদন বৰষুণৰ ওপৰত নিৰ্ভৰশীল। বৰষুণ কম হলে বা পৰ্যাপ্ত নহ'লে জলবিদ্যুৰ উৎপাদন নহয়। সেইদৰে বন্ধ অবস্থাৰ পৰা তাপবিদ্যুৰ উৎপাদন আৰম্ভ কৰি বিদ্যুতৰ যোগান পাবলৈও কেইবা ঘন্টাঘণ্টা লাগে। গেছ টাৰ্বাইনৰ এইবোৰ অসুবিধা নাই। আজিকালি বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰত যিবোৰ জেনেৰেটৰ ছেট ব্যৱহাৰ হয়,গেছ টাৰ্বাইনো বহু পৰিমানে এনেধৰণৰ। প্ৰয়োজন হোৱা মাত্ৰকে ইয়াক চলাব পাৰি আৰু লগে লগে বিদ্যুতো পোৱা যায়; মাত্ৰ কেইছেকেণ্ড মানতে ইয়াক বন্ধ কৰাৰো সুবিধা আছে। গেছ টাৰ্বাইনৰ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ খৰচৰ কম। যিকোনো স্থানত এই বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰিব পাৰি। যান্ত্ৰিক জটিলতাও কম। গেছ টাৰ্বাইনৰ সহায়ত বিদ্যুৎ উৎপাদনৰ ভালেখিনি সুবিধা আছে যদিও আমোদজনক কথাটো হ'ল ইয়াক প্ৰথমতে বিদ্যুৎ উৎপাদনৰ বাবে তৈয়াৰ কৰা হোৱা নাছিল। বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে ইয়াক নিৰ্মাণ কৰিছিল উৰাজাহাজৰ ইঞ্জিনৰ বাবেহে।
 
১৯৩৯ চনত ছুইজাৰলেণ্ডত পৰীক্ষামূলকভাবে বিদ্যুৎ উৎপাদন কৰোঁতে প্ৰথম গেছ টাৰ্বাইন ব্যৱহাৰ কৰা হয়। প্ৰযুক্তিগত কাৰণত আৰু লাভজনক নোহোৱা বাবে বিদ্যুৎ উৎপাদনত প্ৰথমতে গেছ টাৰ্বাইন সিমান জনপ্ৰিয় হোৱা নাছিল। ষাঠিৰ দশকত উৰাজাহাজৰ ইঞ্জিনৰ টাৰ্বা-জেট প্ৰযুক্তি ব্যৱহাৰ হোৱাৰ পাছত গেছ টাৰ্বাইনৰ প্ৰভূত উন্নতি হয়। ফলত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ দ্ৰুতভাবে বাঢ়িবলৈ লয়। আমেৰিকা আৰু ইউৰোপৰ বহু দেশত অলপদিনৰ ভিতৰতে অসংখ্য গেছ টাৰ্বাইন বিদ্যুৎ কেন্দ্ৰ গঢ়ি উঠে। ভাৰতৰো বহু ৰাজ্যত গেছ টাৰ্বাইনেৰে বিদ্যুৎ উৎপাদন কৰা কেন্দ্ৰ আছে।