অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
31 নং শাৰী:
==অসমীয়া লিপিৰ ইতিহাস==
[[Image:Kanai_Baraxiboa_rock_inscription.png|right|thumb|400px|<center>''[[কানাই-বৰশীবোৱা শিলালিপি]]'' ১২০৭ খ্ৰীষ্টাব্দ (১১২৭ শক)]]
{{Details|অসমীয়া লিপিৰ বুৰঞ্জী|“অসমীয়া লিপিৰ ইতিহাস”}}
{{See also|অসমীয়া সাহিত্য}}
অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৪ৰ্থ-৫ম শতিকাৰ ডুবৰণি শাসনত। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ উমাচল লিপি অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত "[[চৰ্যাপদ]]ত অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়<ref>শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ</ref>। চৰ্যাপদসমূহ ৮ম-১২ শতিকামানত ৰচনা কৰা হৈছিল। [[বঙালী ভাষা]] আৰু [[উড়িয়া ভাষা]]ৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। ১৪ শতিকাত [[মাধৱ কন্দলী]]য়ে অসমীয়া লিপি ব্যৱহাৰ কৰি "[[ৰামায়ণ]]" লিখি উলিয়ায়। উল্লেখযোগ্য যে [[সংস্কৃত]] ভাষাৰ [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ৰ অনুবাদৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হ'ল যিকোনো উত্তৰ ভাৰতীয় স্থানীয় ভাষালৈ অনূদিত প্ৰথম ৰামায়ণ। ১৫ আৰু ১৬ শতিকাত মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ|শ্ৰীমন্ত শঙ্কৰদেৱে]] অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ [[ব্ৰজাৱলী]] ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। [[আহোম সাম্ৰাজ্য]]ত [[বুৰঞ্জী]] লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। [[আহোম]] ৰজা [[চক্ৰধ্বজ সিংহ]]ই (১৬৬৩-১৬৭০ খ্ৰীষ্টাব্দ) তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে।