চোতাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ infobox writer | name = চোতাল | image = চোতাল.jpg | imagesize = 200px | alt = | caption = | pseudony...
 
No edit summary
37 নং শাৰী:
 
 
[[সংস্কৃত]] [[চত্বাল]] মূলৰ পৰা [[চোতাল]] শব্দটো নিষ্পন্ন হৈছে ৷ জাতি, বৰ্ণ নিৰ্বিশেষে [[অসম]]ৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰমুখৰ চোতালখন এক অভিচ্ছেদ্যঅবিচ্ছেদ্য অংগ ৷ বিশেষকৈ [[অসম]]ৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ প্ৰথম শোভা হ’ল চোতালখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শৃংখলাবদ্ধ পৰিৱেশ ৷ [[অসম]]ৰ মানুহৰ বিভিন্ন ব্যৱহাৰিক কাৰ্যাৱলী, উৎসৱ-পাৰ্বন, ধৰ্মীয় কৃত্য সম্পাদনৰ বাবে [[চোতাল]]খন অপৰিহাৰ্য ৷ এই থলীতে ককা-আইতাই শিশুক সাধু কয়, আজৰি পৰত সুখ-দুখৰ ভাৱ বিনিমটবিনিময় কৰে, দৈনন্দিন কাৰ্যাৱলী আৰু ভবিষ্যতৰ কাৰ্যপন্থা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনাৰ সূত্ৰপাত হয় ৷ সৰু-সুৰা অপৰাধৰ গোচৰ নিষ্পত্তি হয় ৷ [[কৃষি-কৰ্ম]]ৰ সৈতে জড়িত বিভিন্ন সজুলীৰসঁজুলিৰ নিৰ্মাণ আৰু মেৰামতি হয় ৷ কৃষকে [[ধান]], [[মাহ]], [[সৰিয়হ]]ৰ বীজ উলিয়াই এই [[চোতাল]]খনতে ৷ ই শিশুসকলৰ গীত-মাত আৰু খেল-ধেমালি পৰিৱেশনৰ থলী ৷ [[অসমীয়া]] নাৰীৰ লখিমী শাল তাঁত-শালক কেন্দ্ৰ কৰি বিভিন্ন কুটিৰ শিল্প গঢ়ি উঠে এই চোতালখনতে ৷ জনজাতিসকলৰ তাঁত-শাল চাং ঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব-তোলা, বাটি কঢ়া, মহুৰা ফুৰোৱা আদি কামবোৰ [[চোতাল]]খনতে সম্পন্ন হয় ৷ আমাৰ সমাজত প্ৰতিঘৰতে কাউৰী পুৱাতে শুই উঠি [[চোতাল]]খন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা ৷ এই চোতালৰ দাতিতেদাঁতিতে এজোপা [[শেৱালি]] ফুল আৰু একোণত [[তুলসী]] পুলি ৰুই অথবা কাষতে থকা গোঁসাই ঘৰত সন্ধিয়া এগছি বন্তি জ্বলোৱাটো [[অসমীয়া]] লোকাচাৰৰ এক পৰম্পৰা ৷ [[অসমীয়া]] সমাজৰ জন্ম-মৃত্যু, বিবাহ সংক্ৰান্তীয় আৰু নানা ধৰ্মীয় সংস্কাৰ এই চোতালতে সম্পন্ন কৰা হয় ৷ নৱ জাতকৰ সূৰ্য দেখুওৱা উৎসৱ, নামনিৰ গণনি উৎসৱ, বিবাহ, হুচৰী, বিহু, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাককৰ্ম, মৃতকৰ দহা কাজ, গৰখীয়া সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা, ভঙুৱা সকাম আৰু বহুবোৰ পূজা-পাৰ্বনৰ কৃত্য চোতালখনতে সম্পন্ন হয় ৷ [[অসমীয়া]] মানুহৰ ঘৰৰ পাছফালে থকা চোতালখনকেচোতালখনক পাছচোতাল বোলে ৷ তাত ঘৰৰ গৃহিণীসকলৰ ৰন্ধন কাৰ্যৰ লগত সংযুক্ত তথা নিত্য প্ৰয়োজনীয় কামবোৰ সম্পাদনা কৰা হয় ৷ তাতে থাকে লাউ-জিকাৰ হেদালি আৰু হাঁহ-কুকুৰাৰ গড়াল ৷ [[অসমীয়া]] সমাজত চোতালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
 
=== তথ্যসংগ্ৰহ- ===
"https://as.wikipedia.org/wiki/চোতাল"ৰ পৰা অনা হৈছে