সংস্কৃতি গ্ৰহণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''সংস্কৃতি গ্ৰহণ''' ({{Lang-en|Acculturation}}) এক সাংস্কৃতিক প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াত কোনো এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তিত হয় তাৰ নামেই সংস্কৃতি গ্ৰহণ। এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হয়। ঐতিহাসিক পুনৰ্গঠনৰ দিশত সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াই গুৰুত্ব আৰোপ কৰে।<ref name="al">{{cite book | title= অসমীয়া লোক - সংস্কৃতিৰ আভাস | author=ড° নবীন চন্দ্ৰ শৰ্মা | publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড | location = পাণবজাৰ,গুৱাহাটী, | year=প্ৰথম প্ৰকাশ ১৯৮৯, | page=২৬-২৭}}</ref>
 
১৯৩৫ চনত সংস্কৃতি গ্ৰহণৰ সূত্ৰ দিয়া হৈছিল এনেদৰে, "বিভিন্ন সংস্কৃতিৰ জনসমষ্টিৰ মাজত নিয়ত আৰু প্ৰত্যক্ষ সান্নিধ্যৰ ফলস্বৰূপে এটাজন সমষ্টি বা গোটেই কেইটা জনসমষ্টিৰ সাংস্কৃতিক প্ৰতিমান পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া বিশেষৰ নাম সংস্কৃতি গ্ৰহণ।"<ref name="Memorandum on the study of Acculturation">{{cite book | title=R.Redfield | location=American Anthropologist | year=1936}}</ref> পৰৱৰ্তীকালত এই সূত্ৰটো পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত হৈছে। সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত সান্নিধ্যৰ স্থিতিকাল আৰু গভীৰতাই অন্যতম প্ৰয়োজনীয় উপাদান হ'ব নোৱাৰে।