অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
 
==হিন্দু বিশ্বাস==
হিন্দু আৰু জৈন ধৰ্মালম্বী লোক সকলে এই দিনটো নতুন আৰম্ভণি, বিবাহ, মূল্যবান বিনিয়োগ বিশেষকৈ সোণ বা অন্য মূল্যবান সম্পত্তি আদিৰ ক্ষেত্ৰত পবিত্ৰ দিন হিচাপে মানে। এই দিনটোতেই বহুতে পৰিয়ালৰ তথা প্ৰিয় মৃত ব্যক্তিক স্মৰণ কৰা কৰে।<ref name=gupte5/> অঞ্চল ভেদে বিবাহিত বা আবিয়ৈ মহিলা সকলৰ বাবে এই দিনটোৰ তাৎপৰ্য বেলেগ বেলেগ হোৱা দেখা যায়। তেওঁলোকে নিজৰ স্বামী বা ভৱিষ্যতে বিবাহ হ'ব লগীয়া পুৰুষ জনৰ দীৰ্ঘায়ু তথা সফলতাৰ বাবে ব্ৰত ৰাখে বা প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ পিছত অংকুৰিত বুট-মগু, ফলমূল আৰু মিঠাই প্ৰসাদ হিচাপে বিতৰণ কৰে।<ref name=gupte5>{{cite book|author=B. A. Gupte|title=Hindu Holidays and Ceremonials: With Dissertations on Origin, Folklore and Symbols|url=https://books.google.com/books?id=_FSWKWzNSagC&pg=PA5|year=1994|publisher=Asian Educational Services|isbn=978-81-206-0953-2|pages=5–6}}</ref><ref name="Singh2015p39"/> এই দিনটো সোমবাৰে পৰিলে অধিক পবিত্ৰ বুলি ভবা হয়।<ref name="Singh2015p39"/> ব্ৰত পালন, দান কৰা বা অন্য কোনো লোকক সহায় কৰিও এই উৎসৱ উদযাপন কৰা হয়।<ref name="Melton2011p18"/>
 
==তথ্য সংগ্ৰহ==