অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
হিন্দু আৰু জৈন ধৰ্মালম্বী লোক সকলে এই দিনটো নতুন আৰম্ভণি, বিবাহ, মূল্যবান বিনিয়োগ বিশেষকৈ সোণ বা অন্য মূল্যবান সম্পত্তি আদিৰ ক্ষেত্ৰত পবিত্ৰ দিন হিচাপে মানে। এই দিনটোতেই বহুতে পৰিয়ালৰ তথা প্ৰিয় মৃত ব্যক্তিক স্মৰণ কৰে।<ref name=gupte5/> অঞ্চল ভেদে বিবাহিত বা আবিয়ৈ মহিলা সকলৰ বাবে এই দিনটোৰ তাৎপৰ্য বেলেগ বেলেগ হোৱা দেখা যায়। তেওঁলোকে নিজৰ স্বামী বা ভৱিষ্যতে বিবাহ হ'ব লগীয়া পুৰুষ জনৰ দীৰ্ঘায়ু তথা সফলতাৰ বাবে ব্ৰত ৰাখে বা প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ পিছত অংকুৰিত বুট-মগু, ফলমূল আৰু মিঠাই প্ৰসাদ হিচাপে বিতৰণ কৰে।<ref name=gupte5>{{cite book|author=B. A. Gupte|title=Hindu Holidays and Ceremonials: With Dissertations on Origin, Folklore and Symbols|url=https://books.google.com/books?id=_FSWKWzNSagC&pg=PA5|year=1994|publisher=Asian Educational Services|isbn=978-81-206-0953-2|pages=5–6}}</ref><ref name="Singh2015p39"/> এই দিনটো সোমবাৰে পৰিলে অধিক পবিত্ৰ বুলি ভবা হয়।<ref name="Singh2015p39"/> ব্ৰত পালন, দান কৰা বা অন্য কোনো লোকক সহায় কৰিও এই উৎসৱ উদযাপন কৰা হয়।<ref name="Melton2011p18"/>
[[File:One of Srikrishna's Miracles.jpg|thumb|200x200px|[[কৃষ্ণ]]ই বনবাসৰ সময়ত [[দ্ৰৌপদী]]ক অক্ষয় তৃতীয়াৰ দিনা অক্ষয় পাত্ৰ উপহাৰ দিয়া দৃশ্য|left]]
অত্যন্ত গুৰুত্বপূৰ্ণ ভাৱে এই উৎসৱৰ নাম ঋষি দুৰ্বাসাৰ দৰ্শনকালত কৃষ্ণই দ্ৰৌপদীক উপহাৰ দিয়া অক্ষয় পাত্ৰৰ নামেৰে পৰিচিত হয়হৈ পৰে। পাণ্ডৱ সকলৰ বনবাসৰ সময়ত তেওঁলোকৰ মাজত খাদ্যৰ যথেষ্ট অভাৱ ঘটিছিল। বিশেষকৈ বনত তেওঁলোকৰ কুটিৰলৈ অহা সাধু সকলৰ আতিথ্যৰ ক্ষেত্ৰত দ্ৰৌপদী বিপাঙত পৰে। জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে সূৰ্য দেৱতাক তপস্যা কৰাত তেওঁ যুধিষ্ঠিৰক এটি পাত্ৰ প্ৰদান কৰে। যিটো দ্ৰৌপদীৰ খাই নোহোৱা পৰ্যন্ত পূৰ্ণ থাকিব। ঋষি দুৰ্বাসাৰ আগমনৰ সময়ত শ্ৰী কৃষ্ণই এই পাত্ৰটোক অজেয় কৰি তুলিছিল যিটো অক্ষয় পাত্ৰ হিচাপে পৰিচিত হয় আৰু এই পাত্ৰটো দ্ৰৌপদীৰ মন পছন্দৰ খাদ্যৰে সদায়েই পূৰ্ণ হৈ থাকিব, আনকি ইয়াৰ খাদ্যৰে পূৰ্ণ ব্ৰহ্মাণ্ডক তৃপ্ত কৰিব পাৰিব।<ref>[https://www.indiavideo.org/text/origin-akshaya-tritiya-1574.php Descent of Ganges from heaven] and [[Akshaya Patra]]</ref>
 
==তথ্য সংগ্ৰহ==