ইজৰাইল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
হাগানাহ গোটৰ প্ৰকৃত প্ৰতিচ্চবি উন্মোচনৰ প্ৰয়োজনীয়তা আছে ৷ উৎস: https://en.m.wikipedia.org/wiki/Haganah
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
63 নং শাৰী:
১৯০৫ চনৰ পৰা ১৯১৪ চন পৰ্যন্ত ফিলিষ্টিনত ইহুদীৰ সংখ্যা আছিল মাত্ৰ কেই হেজাৰমান। কিন্তু ১৯১৪ চনৰ পাছত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পৰা ১৯১৮ চন পৰ্যন্ত ব্ৰিটীছসকলৰ সহযোগিতাৰ ফলত ফিলিষ্টিনত ইহুদীৰ সংখ্যা ২০ হেজাৰলৈ উন্নীত হয়। ১৯১৯ চনৰ পৰা ১৯২৩ চনলৈ এই সংখ্যা ৩৫ হেজাৰলৈ বৃদ্ধি পায়। ১৯৩১ চনত ইহুদীৰ সংখ্যা প্ৰায় ৫ গুণ বৃদ্ধি হৈ ১ লাখ ৮০ হেজাৰ হয়। এইদৰে ফিলিষ্টিনত ইহুদী অভিৱাসীৰ সংখ্যা উল্লেখযোগ্য হাৰত বাঢ়ি থাকে আৰু ১৯৪৮ চনত এই সংখ্যা ৬ লাখলৈ উন্নীত হয়।
 
১৯১৮ চনত বৃটেইনৰ সহযোগিতাত গুপ্ত ইহুদী বাহিনী "হাগানাহ" গঠিত হয়। এই বাহিনী ইহুদীবাদীসকলৰ অবৈধ ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথমতে হাগানাহ বাহিনীৰ দায়িত্ব ফিলিষ্টিনী জনগণৰ বিৰুদ্ধে ইহুদীবাদীসকলক সহায়তা কৰা আছিল যদিও পৰৱৰ্তীকালত ই সংঘবদ্ধ সন্ত্ৰাসী বাহিনীলৈ পৰিণত হয়। ফিলিষ্টিনী জনগণৰ ঘৰবাৰী আৰু খেতিপথাৰ দখল কৰি তেওঁলোকক ফিলিষ্টিনৰ পৰা বিতাড়িত কৰা আৰু বজাৰ আৰু ৰাস্তাঘাটসহ জনসমাৱেশ স্থানত বোমা বিস্ফোৰণ ঘটাই ফিলিষ্টিনীসকলৰ মাজত আতংক সৃষ্টি কৰি তেওঁলোকক বিতাড়নৰ কাম ত্বৰান্বিত কৰা আছিল হাগানাহ বাহিনীৰ কাম। (এই পেৰেগ্ৰাফটো পুনৰ নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে ৷ হাগানাহ গোটে পেলেষ্টাইনী ইহুদী খেতিয়ক সকলক আৰৱী দুৰ্ধষ বাহিনীৰ পৰা ৰক্ষা কৰিছিল, পেলেষ্টাইনত অবৈধ ইহুদী লোকৰ প্ৰৱেশ ঘটাইছিল লগতে বিভিন্ন সময়ত ইৰগান গোটৰ সৈতে আৰু ইংৰাজবাহিনীৰ সৈতে যুদ্ধত লিপ্ত হৈছিল ৷ )
 
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৭ চনত [[ৰাষ্ট্ৰসংঘ]]ৰ সাধাৰণ পৰিষদে ফিলিস্তিনী ভূখণ্ডক দ্বিখণ্ডিত কৰা সংক্ৰান্তৰ ১৮১ নং প্ৰস্তাৱ গৃহীত কৰে। ৰাষ্ট্ৰসংঘই ফিলিষ্টিনক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱৰ অনুমোদন জনাই নিজ মাতৃভূমিৰ মাত্ৰ ৪৫ শতাংশ ফিলিষ্টিনীসকলৰ বাবে ৰাখি বাকী ৫৫ শতাংশ ভূমি ইহুদীবাদীসকলৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লয়। এইদৰে ১৯৪৮ চনৰ ১৪ মেত ইজৰাইলৰ স্বাধীনতা ঘোষণা কৰে।
"https://as.wikipedia.org/wiki/ইজৰাইল"ৰ পৰা অনা হৈছে