ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
প্ৰথমে ভ্ৰাম্যমান থিয়েটাৰ আজি-কালিৰ দৰে দুখন মঞ্চৰ ব্যৱহাৰ নাছিল। নাটক পৰিবেশন হোৱা মঞ্চ আছিল এখনেই। কিন্তু ছেট আদি দুখন চকা লগোৱা মঞ্চত সজোৱা হৈছিল, আৰু সেই দুখন মঞ্চৰ তলত চকা লগোৱা আছিল। এখন মঞ্চত অভিনয় চলি থাকোঁতে আনখন মঞ্চত ছেট সজাই সাজু কৰি ৰখা হৈছিল আৰু ড্ৰপ-চিন পৰাৰ লগে লগে অভিনয় চলি থকা মঞ্চখন ঠেলি আঁতৰাই ছেট সাজু কৰি ৰখা মঞ্চখন ড্ৰপচিনৰ আঁৰত ৰখা হৈছিল। এই সুবিধাৰ বাবে এটা দৃশ্যৰপৰা আন এটা দৃশ্যলৈ যোৱাৰ সময়ৰ ব্যৱধান একে বাৰে কমি গৈছিল। প্ৰথম অৱ্স্থাত টায়াৰৰ চকা ব্যৱ্হাৰ কৰা হৈছিল যদিও পাছলৈ লোৰে নিৰ্মিত বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰা হৈছিল।
 
==নটৰাজৰ দ্বিতীয় বছৰ==
নটৰাজ থিয়েটাৰৰ প্ৰথম বছৰৰ নাটক জনপ্ৰিয় হৈছিল যদিও ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱা নাছিল। কিন্তু দ্বিতীয় বছৰ নটৰাজ থিয়েটাৰে হাতত লোৱা 'বেউলা' নামৰ নাটকখন প্ৰভূত জনপ্ৰিয় হৈছিল আৰু সিয়েই ভ্ৰাম্যমানৰ বাণিজ্যিক দিশটো টনকিয়াল কৰি ৰখাত সহায় কৰিছিল। অচ্যুত লহকৰৰ মতে 'বেউলা'ই ভ্ৰাম্যমানক জীয়াই ৰাখিছিল। উল্লেখনীয় যে 'বেউলা' নাটকখন একেৰাহে চল্লিচ বছৰ ধৰি নটৰাজ থিয়েটাৰত প্ৰদৰ্শন কৰা হৈছিল।
 
==ভ্ৰাম্যমান থিয়েটাৰৰ সফলতা আৰু বিকাশ==