ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
 
কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে চাৰিটা নিশাৰ বাবে নাট্য-প্ৰদৰ্শন কৰা হয়। কেতিয়াবা কিছুমান নাটকৰ একেদিনাই দুটা দৰ্শনীও প্ৰদৰ্শন কৰা হয়। দৰ্শকে টিকট লৈ প্ৰবেশ কৰিব লাগে। থিয়েটাৰ দলটোৱে নিজৰ প্ৰাপ্য মাননী লোৱাৰ পাছত ৰৈ যোৱা লাভৰ অংশ আমন্ত্ৰণ কৰি অনা অনুষ্ঠানটোৱে পায়। সাধাৰণতে প্ৰেক্ষাগৃহ আৰু মঞ্চৰ দুটাকৈ ছেট ৰখা হয়, আৰু এখন ঠাইত নাটকৰ প্ৰদৰ্শন কৰি থকাৰ সময়ত আন এখন ঠাইত দ্বিতীয়টো ছেট সাজি লোৱা হয়। ওচৰ ঠাই হ'লে একে ৰাতিয়েই মঞ্চ উঠাই আনখন ঠাইত পতা হয়।
 
মূল নাটকৰ আগে আগে প্ৰায়েই এখন চুটি নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়। এইখনত নাচেই প্ৰধান। সংলাপ অংশ সাধাৰণতে নেপথ্যৰপৰা কোৱা হয়, আৰু অভিনেতা-অভিনেত্ৰীয়ে সংলাপৰ মাইম কৰে।
 
ভ্ৰাম্যমানৰ নাট প্ৰদৰ্শন ১৩ এপ্ৰিললৈ চলে। ইয়াৰ আগতেই দ্বিতীয় বছৰৰ বাবে নাটক বাচনি কৰা, অভিনেতা, অভিনেত্ৰী, কলা-কুশলী নিৰ্বাচন কৰি নিজৰ দললৈ অনাৰ কাম সম্পন্ন কৰা হয়, আৰু নাট্য-দলটোৰ আন এটা নাট্য-বৰ্ষ আৰম্ভ হয়।