ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
বিভিন্ন প্ৰকাৰৰ মঞ্চ উদ্ভাৱন (যেনে, থিয়েটাৰ-স্কোপ, অলছোম); পোহৰৰ বা অন্য কাৰিকৰী কৌশল আদিও নিত্য নতুন ভাৱে পৰিবেশন কৰাৰ চেষ্টা কৰা হয়। কিছুমান নাটকত মাজতে কিছুমান দৃশ্য চিনেমা হিচাপেও প্ৰদৰ্শন কৰা হৈছিল। পাছলৈ এখন ঞঞ্চৰ সলনি দুখন মঞ্চত নাটক প্ৰদৰ্শন ৰ ব্যৱস্থা কৰা হয়। বৰ্তমানেও নাটক প্ৰদৰ্শনৰ বাবে দুখন মঞ্চই ব্যৱহাৰ কৰা হয়।
 
==ভ্ৰাম্যমান থিয়েটাৰৰ বছৰেকীয়া কাৰ্য্য-ক্ৰমণিকা==
সাধাৰণতে ভ্ৰাম্যমানৰ এটা বছৰ আৰম্ভ হয়, এপ্ৰিল-মে মাহৰপৰা। তাৰ আগতেই নাট্যকাৰৰ লগত যোগাযোগ কৰি নাট ৰছনা কৰি স্থিৰ কৰা হয় আৰু কলা-কুশলী সকলক ঠিকা-ভিত্তিত বছৰটোলৈ নিযুক্তি দিয়া হয়। মে-জুন মাহৰপৰা নাটকৰ আখৰা আৰম্ভ হয়। সাধাৰণতে চাৰিটা-নিশাৰ বাবে নাটক লোৱা হয়, অৱশ্যে কেতিয়াবা কোনোবাখন নাটকৰ জনপ্ৰিয়তালৈ চাই, কোনোবাখন নাটক বাদ দিয়াও হয়। আগষ্ট মাহৰ দ্বিতীয় পক্ষৰপৰা থিয়েটাৰ বিলাকে নিজৰ নাট্য-প্ৰদৰ্শন আৰম্ভ কৰে।