ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
 
==নটৰাজ থিয়েটাৰৰ প্ৰথম প্ৰদৰ্শনী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ নামকৰণ==
১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনত সজা অস্থায়ী প্ৰক্ষাগৃহত প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমানৰ নাটক মঞ্চস্থ কৰা হৈছিল। নাটক আছিল [[ফণী শৰ্মা]]ৰ '[[ভোগজৰা]]'। তেতিয়ালেতেতিয়ালৈ অৱশ্যে ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল। প্ৰথম বছৰেই সিংহপুৰুষ [[ৰাধাগোবিন্দ বৰুৱা]]ই গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যাৰ্থ নটৰাজ থিয়েটাৰক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ" বুলি ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছিল। তেতিয়াৰেপৰাই এই অনুষ্ঠান 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি জনাজাত হয়।
 
নটৰাজে থিয়েটাৰে প্ৰথম বৰ্ষত নিবেদন কৰা নাটকসমূহ আছিল: [[উত্তম বৰুৱা]]ৰ '[[জেৰেঙাৰ সতী]]', [[ফণী শৰ্মা]]ৰ '[[ভোগজৰা]]', [[অতুল চন্দ্ৰ হাজৰিকা]]ৰ '[[টিকেন্দ্ৰজিৎ]]' আৰু অনুদিত নাটক '[[হায়দৰ আলি]]'।<ref name=hist></ref> [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[ড: কৃষ্ণকান্ত লহকৰ]], [[ধৰনী গোস্বামী]] উপদেষ্টা আছিল। নাটক কেইখনৰপৰিচালনা কৰিছিল [[চন্দ্ৰ চৌধুৰী]]য়ে। [[গজেন বৰুৱা]], [[আদ্য শৰ্মা]] আৰু [[ত্ৰৈলোক্য দত্ত]]ই ৰূপাঙ্কন কৰিছিল। আলোক পৰিচালনা আছিল অচ্যুত লহকৰৰ নিজা।
 
==প্ৰথম অৱস্থাৰ মঞ্চ==