ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয় [[অচ্যুত লহকৰ]]ক। বঙালী [[যাত্ৰা-পাৰ্টি]] আধাৰত নামনি অসমত কেবাটাও যাত্ৰা পাৰ্টি গঢ়ি উঠে। [[বৰপেটা]]ত ১৮৬০ চন মানত [[তিথিৰাম বায়ন]] নামৰ এজন নৃত্য-বাট্য বিশাৰদে প্ৰথমে অসমীয়া কলা-কুশলীৰে গঠিত যাত্ৰাদল গঠন কৰি অসমৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰি ফুৰিছিল। তেখেতৰ নাটক কেইখন আছিল 'দুৰ্য্যোধনৰ উৰু-ভংগ', 'ৰাম বনবাস' আৰু 'ৰাধিকাৰ মান ভঞ্জন'; ইয়াৰে প্ৰথমখন নাট আছিল বঙালী নাট্যকাৰৰ আৰু শেষৰ দুকন আছিল [[প্ৰসন্নলাল চৌধুৰী]]ৰ ককাকদেউতা [[গোবিন্দৰাম চৌধুৰী]]। ১৮৬০ চনৰপৰা আৰম্ভ কৰি ১৯৩০ চন পৰ্য্যন্ত ঘাইকৈ কামৰূপ আৰু গোৱালপাৰা জিলাত কেবাটাও এনে যাত্ৰা পাৰ্টি বা অপেৰা দল গঢ়ি উঠিছিল।
 
১৯১০ চনত পাঠশালাত নাট্যকাৰ অভিনেতা সন্তৰাম চৌধুৰীয়ে 'পাঠশালা থিয়েটাৰ পাৰ্টি' গঠন কৰি নাট্যদলৰ লগতে মঞ্চ আৰু মঞ্চাভিনয়ৰ সা-সঁজুলি কঢ়িয়াই লৈ যোৱাৰ প্ৰথা ম্ৰথমে অৱলম্বন কৰিছিল। ১৯৩০ চনত [[ব্ৰজনাথ শৰ্মা]]ই [[কহিনুৰ অপেৰা পাৰ্টি]] গঠন কৰি প্ৰথমে সমগ্ৰ অসমত ভ্ৰমণ কৰি নাট্য প্ৰদৰ্শন কৰিছিল। কহিনুৰ অপেৰাতে অসমত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ পাতনি মেলা হৈছিল বুলি জনা যায়।<ref name=hist>কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ''ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড)'', সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১ </ref> (বৰ্তমানে কহিনুৰ অপেৰাৰ আগেয়েও অসমত সহ-অভিনয়ৰ আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে।<ref>ভূপেন তালুকদাৰৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অধীনত পি এইচ ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা পত্ৰ। কিশোৰ কুমাৰ কলিতা সংকলিত ''ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস'', প্ৰথম খণ্ড, পৃ. ১৭-ৰ পৰা উল্লেখিত।</ref>) এই কহিনুৰ অপেৰা পাৰ্টিৰ আলমতে আৰু কেবাটাও অপেৰা পাৰ্টি গঢ়ি উঠিছিল। তেনে এটা অপেৰা পাৰ্টি আছিল পুৰণি [[কামৰূপ]] জিলাৰ অন্তৰ্গত (বৰ্তমানৰ [[বৰপেটা]] জিলা) [[বজালী]] অঞ্চলৰ [[পাঠশালা]] নিবাসী [[সদানন্দ লহকৰ]]ৰ। তেখেতৰ অপেৰা দলটোৰ নাম আছিল [[নটৰাজ অপেৰা]]। স্থাপন কৰা হৈছিল ১৯৫৯ চনত।<ref name=hist></ref>
 
সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে 'নটৰাজ অপেৰা'ক নতুন ৰূপ দিবলৈ গৈ বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়ে। অচ্যুত লহকৰে নিজৰ অনুলিখিত আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয় কেইটা আছিল: পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঁথা সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওঁক আৰু নাটক হওঁক মৌলিক লগতে হওঁক অসমৰ পটভূমিৰ।