চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :ts:Film
র -> ৰ
30 নং শাৰী:
[[File:LouisLePrinceFirstFilmEver.png|thumb|left|''[[Roundhay Garden Scene]]''-ৰ এখন স্থিৰ চিত্ৰ, চলচ্চিত্ৰগ্ৰহণ কেমেৰাৰে তোলা প্ৰথমখন চলচ্চিত্ৰ। ফটো তুলিছিল লুই দি প্ৰিন্স-এ (Louis Le Prince, চন ১৯৮৮]]
 
প্ৰখ্যাত আৱিস্কাৰক [[থমাছ আলভা এডিছন]]-এ (Thomas Alva Edison) গতিশীল বস্তুৰ ক্রমিকক্ৰমিক ছবি তুলিব পৰা যন্ত্রযন্ত্ৰ এটাৰ আৱি্ষ্কাৰত মনোনিবেশ কৰে। এই কামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী [[উইলিয়াম ডিকছন]]-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্রমিকক্ৰমিক ছবি তোলাৰ বাবে [[কাইনেট'গ্রাফগ্ৰাফ]] (Kinetograph) আৰু সেই ছবি চলমান অৱস্থাত চোৱাৰ বাবে [[কাইনেট'স্কোপ]] (Kinetoscope) নামৰ এবিধ যন্ত্রযন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্রযন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্রতযন্ত্ৰত এটা ফুটাৰে চলমান ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দর্শনদৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্রতিদ্বন্দীপ্ৰতিদ্বন্দী আৱিস্কাৰকে সেই ছবি পর্দাতপৰ্দাত ডাঙৰকৈ প্রক্ষেপপ্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। [[থমাছ এর্মাটএৰ্মাট]] (Thomas Armat) নির্মিতনিৰ্মিত এনে এটা যন্ত্রৰযন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা [[প্রজেক্টৰপ্ৰজেক্টৰ]] (Projector) নির্মাননিৰ্মান কৰে আৰু নাম দিয়ে [[ভিটাস্কোপ]] (Vitascope)।<ref>http://www.britannica.com/EBchecked/topic/179233/Thomas-Alva-Edison আহৰণ কৰা তাৰিখ: জুলাই ২৮, ২০১১</ref>
 
ডাঙৰকৈ পৰ্দাত প্ৰক্ষেপ কৰি বহু মানুহে একলগে চাব পৰাকৈ প্ৰথমে চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল ১৮৯৬ চনত। নিউ য়ৰ্ক চহৰৰ 'ক'ষ্টাৰ আৰু বিয়াল-ৰ সংগীত প্ৰেক্ষাগৃহ'ত (Koster and Bial's Music Hall) এপ্ৰিল মাহৰ ২৩ তাৰিখে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল।
40 নং শাৰী:
প্ৰথম বিশ্বযুদ্ধৰ বাবে ইউৰোপত চলচিত্ৰৰ কাম লেহেমীয়া হৈ পৰে, আনহাতে এই সময়ছোৱাতে আমেৰিকাত নিৰ্মিত দুখন নিৰ্বাক ছবিয়ে চলচিত্ৰক এটা মৰ্য্যদাপূৰ্ণ শিল্পৰ শাৰীত বহুৱাবলৈ সক্ষম হয়। ডি. ডব্লু. গ্ৰিফিথ-ৰ (D. W. Griffith) 'দা বাৰ্থ অৱ এ নেছন' ('The Birth of a nation') আৰু 'ইনট'লাৰেন্স' (Intolerance), এই দুখন ছবিয়ে চলচিত্ৰ নিৰ্মান শেলীত বাৰুকৈয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হয়। প্ৰধম বিশ্বযুদ্ধৰ পাছত ইউৰোপতো কেবা গৰাকী চলচিত্ৰ নিৰ্মাতাই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে চলচিত্ৰ শিল্পক এটা স্বয়ংসম্পূৰ্ণ কলাৰ ৰূ্প দিয়ে। এওঁলোকৰ ভিতৰত তিনিগৰাকী বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি আছিল--ছেৰ্গেই আইজেনষ্টাইন, ফ্ৰেডেৰিক উইলহেল্ম মাৰ্নো আৰু ফ্ৰিজ লেং। প্ৰায় একে সময়তে আমেৰিকাত চাৰ্লি চেপলিন আৰু বাষ্টাৰ কীটন-এ চলচ্চিত্ৰক বিপুলভাৱে জনপ্ৰিয় কৰি তোলাৰ উপৰিও নতুন নতুন অৱদানেৰে সমৃদ্ধ কৰি থৈ যায়।
 
১৯২৪ চনৰপৰা চলচ্চিত্ৰত শব্দৰ প্রয়োগপ্ৰয়োগ আৰম্ভ হয়। ১৯২৭ চনত নির্মিতনিৰ্মিত 'দা জেজ ছিংগাৰ' (The Jazz Singer) নামৰ ছবিখনক প্রথমপ্ৰথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচিত্রতচলচিত্ৰত শব্দৰ প্রয়োগপ্ৰয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। এনিমেছন ছবিত শব্দৰ প্রথমপ্ৰথম প্রয়োগপ্ৰয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নির্মিতনিৰ্মিত 'কোকো ছং কাৰ টিউনছ' (Ko-ko Song Car-Tunes) নামৰ ছবিখনৰপৰা। <ref>Beck, Jerry (ed) (2004). "Animation Art". First Edition. Flame Tree. ISBN: 1844511405</ref> শব্দ সম্বলিত চলচিত্ৰক 'টকীং পিক্‌চাৰ' (Talking Picture) বা চমুকৈ 'টকী' (Talkie) বোলা হৈছিল। বোলছবি বা কথাছবি বুলিলে প্ৰকৃত অৰ্থত 'টকী'ক বুজোৱা হয়। শব্দ সম্বলিত চলিচত্ৰক মানুহে বিপুল ভাৱে আদৰি লৈছিল। সেয়ে সোনকালেই নিৰ্বাক ছবিৰ নিৰ্মান প্ৰায় বন্ধ হৈ যায়।
 
ইমানদিনলৈ চলচ্চিত্ৰ আচল মাত্ৰ ক'লা-বগা ৰঙত। ক্ৰমান্বয়ে চলচ্চিত্ৰত 'স্বাভাৱিক ৰঙ'ৰ প্ৰয়োগ কৰা হৈছে। স্বাভাৱিক ৰঙ বোলোতে পিছে বাস্তৱ পৃথিৱীৰ ৰঙৰ নিচিনা বুজোৱা হোৱা নাছিল। কেমেৰাৰ ৰঙৰ সৈতে ছবি তোলা পদ্ধতিকহে 'স্বভাৱিক ৰঙ' বোলা হৈছিল। ক'লা-বগা ৰীলত ৰঙ দি বা অন্য উপায়েৰে ছবিত ৰঙ দিয়াটোক 'স্বাভাৱিক ৰঙ' বোলা নহৈছিল। নামত 'স্বাভাৱিক ৰঙ' হ'লেও পিছে প্ৰথম অৱস্থাৰ ৰঙীন ছবিবোৰত স্বভাৱিক ৰঙ দেখা নগৈছিল। তিনি তৰপীয়া ৰঙীন ছবি তোলাৰ ব্যৱস্থা থকা 'টেক্‌নিকালাৰ' (Tchnicolor) পদ্ধতি আৱিস্কাৰ হোৱাৰ পাছত হে কিছু পৰিমাণে স্বাভাৱিক ৰঙ দেখা গৈছিল। এই পদ্ধতিৰে ১৯৩৪ চনত কেবাখনো ছবি আংশিক ভাৱে ৰঙীন কৰি নিৰ্মান কৰা হৈছিল। ১৯৩৫ চনত নিৰ্মান হোৱা 'বেকী ছাৰ্প' (Becky Sharp) আছিল প্ৰথমখন সম্পূৰ্ণ ৰঙীণ ছবি। চলচ্চিত্ৰক শব্দৰ প্ৰয়োগক দৰ্শকে বিপুল উৎসাহেৰে আদৰি লৈছিল যদিও, ৰঙৰ সংযোজনে ইমান বিপুল সঁহাৰি পোৱা নাছিল। সেয়ে ৰঙীন ছবিৰ লগতে ক'লা-বগাৰ ছবিৰ নিৰ্মাণো বহুত দিনলৈ চলি আছিল। বৰ্তমানেও ক'লা-বগা ছবি পৰীক্ষামূলক ভাৱে নিৰ্মান কৰা হয়। অৱশ্যে সেয়া বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিহে।
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে