সুৰসুন্দৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Curvy surasundari in barely-there saree writes love letter (6559182205).jpg|thumb|350px|খাজোৰাহু মন্দিৰত খোদিত সুৰসুন্দৰী]]
'''সুৰসুন্দৰী''' হৈছে নাৰী সৌন্দৰ্য্য আৰু আবেদনময়ী ভাৱ প্ৰকাশিত প্ৰাচীন ভাৰতীয় যুৱতীৰ এক বিশেষ [[ভাস্কৰ্যভাস্কৰ্য্য]]।<ref>{{cite book |author=Theodore Robert Bowie |title=Ancient Indian Sculpture and Painting |url=https://books.google.com/books?id=z6JNAAAAYAAJ |year=1965 |publisher=Indiana University Art Museum }}</ref>
 
সুৰসুন্দৰী ভাৰতৰ বহু মন্দিৰৰ দেৱাল আদিত খোদিত থকা দেখা যায়। ইয়াৰ অৰ্থ হৈছে সুৰ বা দেৱলোকৰ সুন্দৰী যুৱতী। এওঁলোকক মূলত যক্ষিনী বুলি ধাৰণা কৰা হয়। এই সকলক দেৱ-দেৱী সকলৰ মূৰ্তিৰ আশে-পাশে গৃহপৰিচাৰিকা ৰূপত খোদিত কৰা হয়। এই সকল নৃত্যৰত অপ্সৰাৰ ৰূপটো বৰ্ণিত হয়।<ref>{{cite book |author=Sarina Singh |title=India. Ediz. Inglese |url=https://books.google.com/books?id=vK88ktao7pIC&pg=PA683 |year=2009 |publisher=Lonely Planet |isbn=978-1-74220-347-8 |pages=683 }}</ref> শালভঞ্জিকা, সুৰসুন্দৰী সকলৰ আন এক ৰূপ।<ref name="HVD_2012"/> এই সুন্দৰী সকলক মধ্যযুগত নিৰ্মিত মন্দিৰ বিশেষকৈ মৌৰ্য যুগৰ পিছৰ মন্দিৰ সমূহত দেখা যায়। নৱম শতিকাৰ এখন তান্ত্ৰিক স্থাপত্য সম্বন্ধীয় পাঠ্যত উল্লেখ থকা মতে সেই সময়ত সুৰসুন্দৰী খোদিত নোহোৱা স্থাপত্য আদি নিম্ন মানদণ্ডৰ তথা ফলদায়ক নহয় বুলি ভৱা হৈছিল।<ref name="HVD_2012">{{cite news |url=http://timesofindia.indiatimes.com/Beautiful-woman/articleshow/11168176.cms |title=Beautiful woman |author=Harsha V Dehejia |date=9 January 2012 |newspaper=The Times of India }}</ref><ref>{{cite news |url=https://www.nytimes.com/2011/12/30/arts/design/some-favorite-things-not-hanging-on-a-wall.html |title=Some Favorite Things Not Hanging on a Wall |author=Roberta Smith, Ken Johnson and Karen Rosenberg |newspaper=The New York Times |date=29 December 2011 }}</ref> এগৰাকী মহিলাৰ জীৱনৰ বিভিন্ন স্তৰ আৰু এওঁলোকৰ ৰূপ সৌন্দৰ্য্য এই ধৰণৰ ভাস্কৰ্যসমূহত চিত্ৰিত কৰা হয়। ভাস্কৰ্য শিল্পী সকলে মন্দিৰলৈ অহা ভক্ত সকলক আকৰ্ষণৰ উদ্দেশ্যে এই সমূহ খোদিত কৰিছিল। ১৫ শতিকাৰ সংস্কৃত পাঠ্য "ক্ষীৰাৰ্নভ"ত সুৰসুন্দৰীৰ বিশদ বিবৰণ পোৱা যায়, ইয়াত উল্লেখ থকা মতে সুৰ-সুন্দৰী সকলৰ অধো-দৃষ্টি আছিল, অৰ্থাৎ তেওঁলোকে আনৰ প্ৰতি প্ৰত্যক্ষ দৃষ্টি নিক্ষেপ কৰে নাছিল।<ref>{{cite book |author1=Harsha Venilal Dehejia |author2=Makarand R. Paranjape |title=Saundarya |url=https://books.google.com/books?id=UJPpAAAAMAAJ |year=2003 |publisher=Samvad India Foundation |isbn=978-81-901318-0-3 |page=49 }}</ref>