ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ভাৰতীয় উপমহাদেশৰ সংস্কৃতিৰ কলা
Content deleted Content added
নতুন পৃষ্ঠা: {{multiple image | perrow = 1 | total_width = 200 | caption_align = centre | align = right | image_style = border:none; | image2 = Mohenjo-daro Priesterkönig.jp...
(কোনো পাৰ্থক্য নাই)

08:21, 13 June 2021ৰ সংস্কৰণ

ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভুটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কালত এই আৰ্হিৰ প্ৰভাৱ আছে।

সাঁচীৰ স্তুপৰ পূব টোৰণত এগৰাকী যক্ষী (দুৱাৰৰ কোণত থকা মূৰ্ত্তি বিশেষ), খ্ৰীষ্টীয় প্ৰথম শতাব্দী।
ব্ৰঞ্জ যুগৰ চহৰ মহেঞ্জোদাৰোৰ খনন কাৰ্যত উদ্ধাৰ হোৱা পুৰোহিত ৰজা।
কুশান যুগ(১-২ৰ শতাব্দী)ৰ এক ভাস্কৰ্যত গৌতম বুদ্ধ।
কালিঘাট চিত্ৰ কৰ্মত বৰ্ণিত হিন্দু ভগৱান আৰু অন্যান্য পুৰাণ প্ৰসিদ্ধ চৰিত্ৰ।
অশোকসাৰনাথ সিংহ ৰাজধানী।

ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা।

ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে।

ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় অন্ত্যেষ্টিক্ৰিয়া আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ'ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস।

ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীনত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু ইৰাণ আৰু ইউৰোপৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে।

তথ্যউৎস