ভাৰতীয় শিল্পকলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

66 নং শাৰী:
=== মৌৰ্য শিল্পকলা ===
[[File:Pataliputra_capital,_Bihar_Museum,_Patna,_3rd_century_BCE.jpg|thumb|ইৰাণী শিল্পকলা আৰু হেলেনিষ্টিক শিল্পৰ প্ৰভাৱ থকা প্ৰাৰম্ভিক মৌৰ্য ভাস্কৰ্য পাটালিপুত্ৰ স্তম্ভ শীৰ্ষ। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা। পাটনা সংগ্ৰাহালয়। |198x198px|left]]
উত্তৰ ভাৰতীয় মৌৰ্য সাম্ৰাজ্য খ্ৰীষ্টপূৰ্ব ৩২২ ৰ পৰা ১৮৫ খ্ৰীষ্টপূৰ্বলৈ বিকশিত হৈছিল। পাটালিপুত্ৰ স্তম্ভ শীৰ্ষৰ নমুনাৰ পৰা এই কথা বুজিব পাৰি যে মৌৰ্য্য শিল্পকলাৰ ওপৰত প্ৰাচীন ভাৰতীয় প্ৰভাৱৰ উপৰিও এই সমূহত উপমহাদেশীয় তথা ইৰাণী শিল্পকলাৰো প্ৰভাৱ পৰিছে।<ref>Harle, 22-28</ref>
 
খ্ৰীষ্টপূৰ্ব ২৩২ চনত মৃত্যু হোৱা সম্ৰাট অশোকে তেওঁৰ ৪০ বছৰীয়া শাসনকালৰ মাজভাগলৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু বুদ্ধৰ জীৱনৰে সম্পৰ্কিত গুৰুত্বপূৰ্ণ স্থানসমূহত কেইবাটাও ডাঙৰ স্তূপৰ মেৰামতি তথা সংৰক্ষণত গুৰুত্ব দিয়ে। মৌৰ্য যুগৰ এই শিল্পকলা নিদৰ্শন সমূহৰ খুবেই কম সংখ্যকহে বৰ্তমান বৰ্তি আছেগৈ অথৱা এনে স্তূপৰ সংখ্যা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তাকৰ আছিল। অৱশ্যে ভাৰতীয় শিলাকুটিৰ প্ৰাৰম্ভিক কালৰ ক্ষেত্ৰ সমূহত এনে অধিক নমুনা পোৱা যায়।