ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

typo fixed
73 নং শাৰী:
ৱিকিপিডিয়া [[টুইটাৰ]] বা [[ফে’চবুকৰ]] দৰে সামাজিক যোগাযোগৰ মাধ্যম নহয়। আপুনি ৱিকিপিডিয়াত নিজৰ [[ৱেবচাইট]], [[ব্ল’গ]], [[ৱিকি]], বা [[ক্লাউড সংগ্ৰহ|ক্লাউড]] তুলি দিব নোৱাৰে। ৱিকিপিডিয়াৰ পৃষ্ঠা তলত দিয়া উদাহৰণবোৰৰ দৰে হ’ব নালাগে :
 
# '''ব্যক্তিগত ৱেব পৃষ্ঠা।''' [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|ৱিকিপিডিয়ানসকলৰ]] নিজৰ [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা]] থাকে, কিন্তু সেয়া বিশ্বকোষত কাম কৰাৰ বিষয়ে তথ্য প্ৰদানৰ বাবেহে ব্যৱহাৰ কৰা উচিত। আপুনি যদি ব্যক্তিগত ৱেবপৃষ্ঠা বা ব্ল’গ এটা সৃষ্টি কৰিব খুজিছে, তেন্তে ইণ্টাৰনেটত তেনে বিনামূলীয়া সুবিধা দিয়া অজস্ৰ চাইটৰ পৰা কোনো এটা বাচি লওক। সদস্য পৃষ্ঠাত [[সামাজিক নেটৱৰ্ক সেৱা]] বা ধেমালিৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি তাক সঠিক [[সহযোগ]]ৰ ভেঁটি হিছাপে গঢ়ি তোলক। ৱিকিপিডিয়াৰ লগত সংগতি থকা উপযুক্ত [[[[ৱিকিপিডিয়া:নামস্থান|নামস্থান]]ত সৃষ্টি কৰিব পাৰি।
# '''[[ফাইল প্ৰণালী|ফাইল ভঁৰাল]] স্থান।''' অনুগ্ৰহ কৰি কেৱল ৱিকিপিডিয়াৰ প্ৰবন্ধ বা প্ৰকল্প পৃষ্ঠাত ব্যৱহাৰ হোৱা (বা ব্যৱহাৰ হ’বলগীয়া) ফাইলহে আপল’ড কৰক। আপোনাৰ হাতত যদি আন প্ৰাসংগিক ছবি আছে, সেয়া [[ৱিকিমিডিয়া কমন্‌ছ]]ত আপল’ড কৰক য’ৰ পৰা তাক ৱিকিপিডিয়াৰ লগত সংযোগ কৰিব পৰা যাব।
# '''ডেটিং সেৱা।''' সম্বন্ধ গঢ়াৰ বাবে বা যৌনতাৰ সংঘাতৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয়। অতিমাত্ৰা এনে বাহিৰা কথাক স্থান দিয়া সদস্য পৃষ্ঠা গ্ৰহণযোগ্য নহয়।
# '''স্মৃতিচিহ্ন।''' বিশ্বকোষৰ প্ৰবন্ধ‍ৰ বিষয়বস্তুৱে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)|ৱিকিপিডিয়াৰ উল্লেখযোগ্যতাৰ প্ৰয়োজনীয়তা]] পূৰণ কৰিব‍ই লাগিব। এই প্ৰয়োজনীয়তা পূৰণ নকৰা মৃত বন্ধু, আত্মীয়, চিনাকি মানুহ বা আন কাৰোবাৰ স্মৃতিচাৰণৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয়। মন কৰক যে এই নীতিটো মূল '''প্ৰবন্ধ''' স্থানৰ বাহিৰত প্ৰযোজ্য নহয় আৰু প্ৰতিষ্ঠিত ৱিকিপিডিয়াৰ মৃত্যু হ’লে তেওঁৰ সদস্য পৃষ্ঠাক ইয়াৰ পৰা সীমিত অব্যাহতি দিয়া হয়।
 
যদি আপুনি [[ৱিকি]] প্ৰযুক্তিক আন কোনো প্ৰকল্পত সহযোগিতাৰ বাবে ব্যৱহাৰ কৰিব খোজে (লাগিলে সি মাত্ৰ এখন পৃষ্ঠাই হওক), তাৰ কাৰণে আন বহুতো ৱিকি হ’ষ্টিঙৰ সুবিধা থকা বিনামূলীয়া আৰু ব্যৱসায়িক চাইট আছে। আপুনি আপোনাৰ চাৰ্ভাৰত [[ৱিকি]] ছফ্টৱেৰ ইনষ্টলো কৰিও ল’ব পাৰে। এই বিষয়ক তথ্যৰ বাবে [https://Mediawiki.org MediaWiki.orgতorg]ত [[[[mw:হাতপুথি:ইনষ্টল প্ৰক্ৰিয়াত সহায়|ইনষ্টল প্ৰক্ৰিয়াত সহায়]] চাওক।
 
ওপৰত উল্লেখ কৰা বিষয়বস্তুৰ সীমাবদ্ধতা আপোনাৰ সদস্য পৃষ্ঠা আৰু আলোচনা পৃষ্ঠাতো প্ৰযোজ্য। আপোনাৰ সদস্য পৃষ্ঠা এটা [[ব্ল’গ]] নহয়। তাৰ উপৰি আপোনাৰ সদস্য পৃষ্ঠাখন '''আপোনাৰ নহয়'''। ই ৱিকিপিডিয়াৰ অংশ, আৰু আত্মপ্ৰচাৰৰ সলনি ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বঢ়োৱাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হোৱা উচিত। সদস্য পৃষ্ঠাৰ বিষয়ে বৰ্তমানৰ ঐকমত্য পথনিৰ্দেশিকাৰ বাবে [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা সহায়]] চাওক।