ৰুবুল মাউত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

{{editorial}} tag added
No edit summary
33 নং শাৰী:
}}
'''ৰুবুল মাউত''' ({{lang-en|Rubul Mout}}) হৈছে এগৰাকী [[অসমীয়া]] [[জীৱবিজ্ঞান|জীৱবিজ্ঞানী]]। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন [[প্ৰটিন]]ৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখেতে মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।<ref>https://www.bakerlab.org/index.php/members/rubul-mout/</ref><ref name="bio">{{cite web | url=https://purbayonpublication.com/book-author/rubul-maut/ | title=Dr. Rubul Maut | publisher=Purbayon Publication | accessdate=25 August 2020}}</ref> ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰাসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে।<ref name="rubul">{{cite web | url=https://purbayonpublication.com/product/moro-eta-sapon-ase/ | title=Dr. Rubul Maut | publisher=purbayon | accessdate=31 August 2020}}</ref> বৰ্তমান তেখেত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো'।<ref name="WRF">{{cite web | url=http://wrf.washington.edu/fellows/protein-design/ | title=Protein Design | publisher=WU | accessdate=29 August 2020}}</ref><ref name="energy">{{cite web | url=https://www.energyfrontier.us/content/rubul-mout | title=Rubul Mout | accessdate=25 August 2020}}</ref> তেখেতে আত্মজীৱনী "[[মোৰো এটা সপোন আছে]]"ত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।<ref name="bio" />
 
==প্ৰাৰম্ভিক জীৱন আৰু শৈশৱ==
[[অসম]]-[[অৰুণাচল]] সীমান্তৱৰ্তী [[তিনিচুকীয়া জিলা]] জিলাৰ [[কাকপথাৰ]]ৰ ওচৰৰ কৈলাসপুৰত এটি কৃষকৰ পৰিয়ালত ৰুবুল মাউতৰ জন্ম হৈছিল। শৈশৱৰ কালছোৱা তেখেতে ভীষণ দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰিছিল। শিক্ষাগ্ৰহণৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেখেতেৰ আত্মজীৱনী "মোৰো এটা সপোন আছে"ত এই বিষয়ে সবিশেষ বৰ্ণনা আছে। তেওঁ চাৰিটা খুটা পুতি বাঁহেৰে সজা টেবুলখন আচলতে এখন চাংহে আছিল। যিখনৰ স্থান আছিল শুবলৈ পাতি লোৱা আন এখন বহল চাঙৰ কাষত।<ref name="memoir">{{cite web | url=http://monikut.com/2018/10/dr-rubul-maut-moro-eta-sapon-ase-dipak-sarma/ | title=মোৰো এটা সপোন আছে | publisher=মণিকূট | date=১৬ অক্টোবৰ, ২০১৮ | accessdate=25 August 2020 | author=শৰ্মা, দীপক}}</ref> তেওঁৰ নজনীয়া পৰিয়ালটোৰ উপাৰ্জনৰ উৎস আছিল ঘৰৰ সমুখৰ কেইডৰামান খেতিমাটি। কিন্তু সেই খেতি তেওঁলোকৰ বাবে যথেষ্ট নহয়। ন-দহ বছৰ বয়সতে ৰুবুল মাউতে পিতৃৰ সহযোগী হৈ ঘৰুৱা দায়িত্ব পালন কৰিবলগীয়া হৈছিল। গৰু চৰোৱাৰ পৰা আৰম্ভ কৰি বজাৰত শাক-পাচলি বিক্ৰী কৰালৈকে প্ৰায়বোৰ কামেই তেওঁ ছাত্ৰাৱস্থাত কৰিব লগা হৈছিল। কেতিয়াবা ভোক নিবাৰণৰ হেতু বনুৱাৰ কামো ৰাস্তাত কৰিবলগা হৈছিল। গাঁৱত শিক্ষাৰ সন্তোষজনক পৰিৱেশ নাছিল। তেনে এক পৰিবেশতে ৰুবুল মাউতে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।<ref name="mukto">{{cite web | url=http://muktosinta.org/doridrotar-xikoli-singi/ | title=দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি | publisher=মুক্ত চিন্তা | accessdate=25 August 2020 | author=বৰুৱা, মিনাক্ষী}}</ref>
 
==শিক্ষা আৰু কৰ্মজীৱন==
২০০৩ চনত ৰুবুল মাউতে [[তিনিচুকীয়া মহাবিদ্যালয়]]ৰ পৰা [[বিজ্ঞান]] শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। মহাবিদ্যালয়খনৰ পুথিভঁৰালটোৱে ৰুবুল মাউতত জ্ঞানান্বেষণত যথেষ্ট সহায় কৰিছিল। এই কথা তেওঁ আত্মজীৱনীত প্ৰকাশ কৰিছে। ৰসায়ন বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়োৱাত এইমহাবিদ্যালয়খনৰ পুথিভঁৰালটোৰ অশেষ ভূমিকা আছিল। এফ এ কটন আৰু জেফ্ ৰি উইলকিনচনৰ 'প্ৰিন্সিপাল অব ইনঅৰগেনিক কেমেষ্ট্ৰী', আই এল ফিনাৰৰ 'অৰগেনিক কেমেষ্ট্ৰী', জেৰি মাৰ্চৰ 'ৰিয়েকচন মেকানিজম' আদিৰ দৰে ৰসায়ন বিজ্ঞানৰ গ্ৰন্থই ৰুবুল মাউতক অণু-পৰমাণুৰ এখন সুগভীৰ পৃথিৱীলৈ লৈ গৈছিল। তেখেতে টিউচনৰ সহায় লোৱা নাছিল। সেইবাবে বিষয়বস্তুৰ গভীৰতা বুজিবলৈ একেখিনি কথাকে বহুবাৰ পুনৰ্পঠন কৰিবলগা হৈছিল। ইয়াৰ ফলত কিতাপৰ কথাবোৰ তেওঁ বহুদিনলৈকে মনত আছিল।<ref name="mukto" /> স্নাতক ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী পঢ়িবলৈ আহে। বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে চিএছআইআৰ-নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। সেই প্ৰস্তুতিৰ পৰিণতিস্বৰূপে তেখেতে জুনিয়ৰ ফেল'শ্বিপৰ যোগ্যতা অৰ্জন কৰিলে।<ref name="মোৰো">{{cite book | title=মোৰো এটা সপোন আছে | publisher=পূৰ্বায়ন প্ৰকাশন | author=মাউত, ৰুবুল | year=২০১৮, জানুৱাৰী}}</ref>
 
২০০৫ চনত ৰুবুল মাউতে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে পুণেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক প্ৰয়োগাগাৰ (National Chemical Laboratory, NCL)ত আসন লাভ কৰে। সেইসময়ত তেখেত জীৱিকাৰ সন্ধানত আছিল। সেইবাবে "এমপ্লয়মেণ্ট নিউজ" বাতৰি কাকতত সঘনাই চকু ফুৰায়কৰে আৰু চাকৰিৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে। সেইসময়তে তেখেতে মুম্বাইস্থিত [[টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান]]ত (টিআইএফআৰ) খালী হোৱা "বিজ্ঞান বিষয়া" পদবীটোৰ বিজ্ঞাপন দেখে আৰু নিজকে সেই পদৰ যোগ্য যেন অনুভৱ কৰি চাকৰিটোৰ বাবে আৱেদন কৰে। একেটা সময়তে পুণেৰ এনচিএললৈ আহিও তেখেতে ডক্তৰেট ডিগ্ৰীত যোগদান কৰে। কেইদিনমানৰসেইসময়ত পিছততেখেত তেখেতকজীৱিকাৰ মুম্বাইৰ প্ৰতিষ্ঠানলৈ সাক্ষাৎকাৰৰ বাবে মাতে। সেই সাক্ষাৎকাৰটোৰ বাবে আৱেদন জনোৱা এঘাৰগৰাকী প্ৰাৰ্থীৰ অধিকাংশই ডক্তৰেট ডিগ্ৰীধাৰীসন্ধানত আছিল। সেইবাবে তেখেতে চাকৰিটোৰ বাবে কোনো আশা কৰা নাছিল। পিছে সাক্ষাৎগ্ৰহণৰ কিছুদিন পাছতেই তেখেতে সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ খবৰ পালে। সেয়েহে তেখেতে এনচিএলৰ পৰা আহি টিআইএফআৰত "বিজ্ঞান বিষয়া" পদবীত যোগদান কৰিলে। ইয়াৰ ফলত তেখেতৰ জীৱিকাৰো এটা বাট মুকলি হ'ল। টিআইএফআৰত কৰ্মৰত হৈ থাকোঁতেই তেখেতে [[আমেৰিকা]]ৰ ইণ্ডিয়ানাস্থিত পাৰডিউ বিশ্ববিদ্যালয় (Purdue University) তিনিমহীয়া প্ৰশিক্ষণ এটা লৈ আহে। তাত তেখেতে উচ্চপৰ্যায়ৰ গৱেষণাকাৰ্য দেখিবলৈ পায়। ইয়াৰ ফলত তেখেতৰ দীৰ্ঘদিনীয়া গৱেষণাকেন্দ্ৰিক সপোনটোৱে পুনৰ প্ৰাণ পাই উঠে। সেয়ে তেখেতে জি.আৰ.ই. আৰু টফেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। ইংৰাজী ভাষাটো ভালকৈ ক'ব নোৱাৰাৰ বাবে তেখেতে প্ৰায়েই হতাশাত ভুগিছিল। সেই দুৰ্বলতা অতিক্ৰম কৰিবলৈ ৰুবুল মাউতে পাঁচ মাহতে প্ৰায় ছহাজাৰ ইংৰাজী শব্দ মুখস্থ কৰি পেলাইছিল। তেখেত জি.আৰ.ই. আৰু টফেল পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ'ল আৰু বহুকেইখন বিশ্ববিদ্যালয়ৰ বাবে আৱেদন কৰিবলৈ যোগ্য হৈ উঠিল।<ref name="মোৰো" />
 
২০১৭ চনত আৰ্মহাষ্টস্থিত মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা ৰুবুল মাউতে জিন-সম্পাদনাৰ বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ৰুবুল মাউতে স্কটলেণ্ডৰ গ্লাচগ' বিশ্ববিদ্যালয়তো অতিথি গৱেষক হিচাপে কৰ্মৰত আছিল।<ref name="purba">{{cite web | url=https://purbayonpublication.com/product/dhuxorotat-xonghoto-shrawan/ | title=https://purbayonpublication.com/product/dhuxorotat-xonghoto-shrawan/ | publisher=Purbayon | accessdate=31 August 2020 | author=Purbayon}}</ref>