সমাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{অনুবাদ}}
'''সমাজ''' ({{Lang-en|Society}}) হৈছে সাধাৰণতে একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্টসম্পন্ন একে সামাজিক সম্পৰ্কেৰে জড়িত ব্যক্তিৰ এটা গোট, বা একে স্থানিক বা সামাজিক ক্ষেত্ৰত বসবাস কৰা এক বৃহৎ সামাজিক গোট। সমাজ মূলতঃ এনে এক প্ৰণালীক বুজায় য'ত একাধিক ব্যক্তি একত্ৰিত হৈ কিছুমান নীতি−নিয়ম প্ৰতিষ্ঠা কৰি একেলগে বাস কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। "সমাজ"ৰ ইংৰাজী "{{Lang|en|Society}}" শব্দটো দ্বাদশ শতিকাৰ [[ফৰাচী ভাষা]]ৰ শব্দ চ'চিয়েটে ({{Lang|en|société}})-ৰ (অৰ্থাৎ 'সংগ') পৰা আহৰণ কৰা হৈছে।<ref>{{cite web |title=Society |url=https://www.merriam-webster.com/dictionary/society#h2 |website=Merriam-webster dictionary |access-date=6 May 2021}}</ref> মানুহৰ ক্ষেত্ৰত, একাধিক ব্যক্তিয়ে লিখিত বা অলিখিত নিয়ম প্ৰস্তুত কৰি একত্ৰিত হৈ বসবাস কৰা অৱস্থাকে সমাজ বুলি কোৱা হয়। মানুহৰ বাহিৰেও, নিম্নমানৰ প্ৰাণীৰ ক্ষেত্ৰতো সমাজ বিদ্যমান, কিন্তু মানুহৰ দৰে সংগঠিত সমাজৰ কোনো উদাহৰণ নাই। সমাজ কোনো এক স্বকীয় সংস্কৃতি আৰু প্ৰতিষ্ঠানৰ অন্তৰ্গত ব্যক্তিসকলৰ মাজৰ সম্পৰ্কৰ (সামাজিক সম্পৰ্ক) দ্বাৰা চিহ্নিত কৰা হয়।হয়; প্ৰদত্ত সমাজ এখনক ইয়াৰ অন্তৰ্গত সদস্যসকলৰ মাজত থকা এনে সম্পৰ্কৰ আধাৰত বৰ্ণনা কৰিব পাৰি।
 
সমাজে কিছুমান কাৰ্য বা কথা গ্ৰহণযোগ্য বা অগ্ৰহণযোগ্য বুলি গণ্য কৰি আচৰণ বিধি নিৰ্মাণ কৰে। কোনো এটা নিৰ্দিষ্ট সমাজৰ ভিতৰত এই আচৰণ বিধিবোৰক সামাজিক নিয়ম বুলি কোৱা হয়। সমাজ আৰু ইয়াৰ নিয়মবোৰ ক্ৰমান্বয়ে আৰু চিৰস্থায়ী পৰিৱৰ্তনৰ মাজেৰে সৃষ্টি হয়।
"https://as.wikipedia.org/wiki/সমাজ"ৰ পৰা অনা হৈছে