ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
 
==ভ্ৰাম্যমাণ থিয়েটাৰৰ বছৰেকীয়া কাৰ্য্য-ক্ৰমণিকা==
সাধাৰণতে ভ্ৰাম্যমাণৰ এটা বছৰ আৰম্ভ হয়, এপ্ৰিল-মে মাহৰপৰা। তাৰ আগতেই নাট্যকাৰৰ লগত যোগাযোগ কৰি নাট ৰছনা কৰি স্থিৰ কৰা হয় আৰু কলা-কুশলী সকলক ঠিকা-ভিত্তিত বছৰটোলৈ নিযুক্তি দিয়া হয়। জুন-জুলাই মাহৰপৰা নাটকৰ আখৰা আৰম্ভ হয়। সাধাৰণতে চাৰিটা-নিশাৰ বাবে নাটক লোৱা হয়, অৱশ্যে কেতিয়াবা কোনোবাখন নাটকৰ জনপ্ৰিয়তালৈ চাই, কোনোবাখন নাটক বাদ দিয়াও হয়। আগষ্ট মাহৰ দ্বিতীয় পক্ষৰপৰা থিয়েটাৰ বিলাকে নিজৰ নাট্য-প্ৰদৰ্শন আৰম্ভ কৰে।
 
নাটক প্ৰদৰ্শনৰ সূচীও আগৰ বছৰেই সাজু হৈ থাকে। কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে চাৰিটা নিশাৰ বাবে নাট্য-প্ৰদৰ্শন কৰা হয়। বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি নাটক প্ৰদৰ্শনৰ তাৰিখ ঠিক কৰি থোৱা হয়। এই কামৰ বাবে প্ৰতিটো ভ্ৰাম্যমান দলৰে বিশেষ প্ৰতিনিধি থাকে। ভ্ৰমণ কৰিবলগীয়া ঠাইবোৰ আগেয়েই পকা কৰি থোৱা হয় বাবে ভ্ৰাম্যমাণৰ ব্যৱসায়ত সুবিধা হয়। আগৰ দিনৰ যাত্ৰা-পাৰ্টি বা অপেৰা বোৰে এনেকুৱা বছৰেকীয়া কাৰ্য্যসূচী লৈ নাটক মঞ্চস্থ কৰা নাছিল। বিভিন্ন উৎসৱ-পাৰ্ৱনৰ সময়তহে তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ গৈ নাটক প্ৰদৰ্শন কৰিছিল। ভ্ৰাম্যমাণেই বছৰ জোৰা (আচলতে আঠ মাহ) নাটক প্ৰদৰ্শনৰ ধাৰা প্ৰচলন কৰে।
কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে তিনিটা নিশাৰ বাবে নাট্য-প্ৰদৰ্শন কৰা হয়। কেতিয়াবা কিছুমান নাটকৰ একেদিনাই দুটা দৰ্শনীও প্ৰদৰ্শন কৰা হয়। দৰ্শকে টিকট লৈ প্ৰবেশ কৰিব লাগে। থিয়েটাৰ দলটোৱে নিজৰ প্ৰাপ্য মাননী লোৱাৰ পাছত ৰৈ যোৱা লাভৰ অংশ আমন্ত্ৰণ কৰি অনা অনুষ্ঠানটোৱে পায়। সাধাৰণতে প্ৰেক্ষাগৃহ আৰু মঞ্চৰ দুটাকৈ ছেট ৰখা হয়, আৰু এখন ঠাইত নাটকৰ প্ৰদৰ্শন কৰি থকাৰ সময়ত আন এখন ঠাইত দ্বিতীয়টো ছেট সাজি লোৱা হয়। ওচৰ ঠাই হ'লে একে ৰাতিয়েই মঞ্চ উঠাই আনখন ঠাইত পতা হয়।
 
কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে তিনিটাচাৰি নিশাৰ বাবে নাট্য-নাটক প্ৰদৰ্শন কৰা হয়। কেতিয়াবা কিছুমান নাটকৰ একেদিনাই দুটা দৰ্শনীও প্ৰদৰ্শন কৰা হয়। দৰ্শকে টিকট লৈ প্ৰবেশ কৰিব লাগে। থিয়েটাৰ দলটোৱে নিজৰ প্ৰাপ্য মাননী লোৱাৰ পাছত ৰৈ যোৱা লাভৰ অংশ আমন্ত্ৰণ কৰি অনা অনুষ্ঠানটোৱে পায়। সাধাৰণতে প্ৰেক্ষাগৃহ আৰু মঞ্চৰ দুটাকৈ ছেট ৰখা হয়, আৰু এখন ঠাইত নাটকৰ প্ৰদৰ্শন কৰি থকাৰ সময়ত আন এখন ঠাইত দ্বিতীয়টো ছেট সাজি লোৱা হয়। ওচৰ ঠাই হ'লে একে ৰাতিয়েই মঞ্চ উঠাই আনখন ঠাইত পতা হয়।
মূল নাটকৰ আগে আগে প্ৰায়েই এখন চুটি নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়। এইখনত নাচেই প্ৰধান। সংলাপ অংশ সাধাৰণতে নেপথ্যৰপৰা কোৱা হয়, আৰু অভিনেতা-অভিনেত্ৰীয়ে সংলাপৰ মাইম কৰে।
 
ভ্ৰাম্যমাণৰ নাট প্ৰদৰ্শন ১৩ এপ্ৰিললৈ চলে। ইয়াৰ আগতেই দ্বিতীয় বছৰৰ বাবে নাটক বাচনি কৰা, অভিনেতা, অভিনেত্ৰী, কলা-কুশলী নিৰ্বাচন কৰি নিজৰ দললৈ অনাৰ কাম সম্পন্ন কৰা হয়, আৰু নাট্য-দলটোৰ আন এটা নাট্য-বৰ্ষ আৰম্ভ হয়।
 
==ভ্ৰাম্যমানৰ নাট প্ৰদৰ্শনৰ কিছুমান খুঁটি-নাটি==
মূল নাটকৰ আগে আগে প্ৰায়েই এখন চুটি নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়। এইখনত নাচেই প্ৰধান। সংলাপ অংশ সাধাৰণতে নেপথ্যৰপৰা কোৱা হয়, আৰু অভিনেতা-অভিনেত্ৰীয়ে সংলাপৰ মাইম কৰে।
 
==আৰু চাওক==