অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
Undid edits by Dimpalgogoi784 (talk) to last version by Kuldhar Rabha
84 নং শাৰী:
যেনে : ৰামৰ কথাত সকলো স্তম্ভিত হ’ল। ইয়াত ‘কথা শুনি’ৰ অসমাপিকা ক্ৰিয়া লোপ পাই অকল কথা আছে। গতিকে সপ্তমী বিভক্তি যোগ হৈ কথাত হৈছে।

=='''''চন্দ্ৰবিন্দুৰ ব্যৱহাৰ'''''==
'''''[[অসমীয়া ভাষা]]ত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মনকৰিবলগীয়া বিষয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ড॰ [[মহেশ্বৰ নেওগ]]ৰ 'নিকা অসমীয়া ভাষা' আৰু ড॰ [[গোলোকচন্দ্ৰ গোস্বামী]]ৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ' নামৰ কিতাপ দুখনত উল্লেখ কৰা নিয়মসমূহ তলত আলোচনা কৰা হ'ল।'''''

# '''''অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়। সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়। যেনে-মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ। একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি।'''''
# '''''মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়। যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো। ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়। এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে।'''''
# '''''কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া। এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়।{{citation needed}}'''''
# '''''আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়। " এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে।'''''
# '''''আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে। ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়।'''''
# '''''সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে-গ্ৰাম > গাঁওকণ্টক > কাঁইটঅঙ্ক > আঁকসঞ্চ > সাঁচৱংশ > বাঁহ পঞ্চ > পাঁচ ইত্যাদি।'''''
# '''''কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalisation) হোৱা দেখা যায়। যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি। এইবোৰত অনুনাসিকতাই মূল কাৰণ।'''''
# '''''<nowiki/>'ও' থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই। যেনে- নেওগ, নেওতা ইত্যাদি।'''''
# '''''বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে। যেনে- সিহঁত, তহঁত।'''''
# '''''মনকৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে। যেনে-

:::'''''কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ)

:::'''''কাঁচ (দাপোন ), কাচ (সাজ পাৰ কৰা)

:::'''''আঁহ (ফল মূল্, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰণ কৰা)

:::'''''বাঁহ (এবিধ গছ ),বাহ (চৰাইৰ ঘৰ)

:::'''''আঁহত (এবিধ গছ ), আহত (আঘাত পোৱা)

:::'''''ভাঁজ (কোণ, পাক ), ভাজ (তেলত সিদ্ধ কৰা )

:::'''''পাঁচ (সংখ্যা), পাচ (পাচত)

:::'''''ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।'''''

==কাৰক==