ৰোহিনী (বাসুদেৱৰ পত্নী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

#WPWP
20 নং শাৰী:
মহাভাৰত মহাকাব্যত, যাদৱ বংশৰ ধ্বংসৰ সময়তেই বাসুদেৱৰ মৃত্যু হয় ৰোহিনীয়ে বাসুদেৱৰ আন কেইগৰাকী পত্নী [[দৈৱকী]], [[ভদ্ৰা]] আৰু [[মাদিৰা]]ৰ সৈতে বাসুদেৱৰ চিতা জুইত নিজকে সমৰ্পন কৰে।<ref>{{cite web|url=http://www.sacred-texts.com/hin/m16/m16007.htm |title=The Mahabharata, Book 16: Mausala Parva: Section 7 |publisher=Sacred-texts.com |date= |accessdate=2018-07-18}}</ref>
== বলোৰামৰ মাতৃ ==
বলোৰামক ম্যাট্ৰোনমিক বিশেষণ ৰৌহিণ্যাৰৌহিণ্য "ৰোহিণী পুত্ৰ" দিয়া হয়। [[ব্ৰহ্মবৈৱৰ্ত পুৰাণ]]ত, ৰোহিণীক সৰ্পৰ মাতৃ [[কাদ্ৰু]]ৰ অৱতাৰ বুলি কোৱা হয়; বলৰামক ঐশ্বৰিক নাগ শেষৰ অৱতাৰ বুলি গণ্য কৰা হয়।<ref name="Vemsani"/>
 
== জৈন ধৰ্ম ==
কৃষ্ণ আৰু বলোৰামৰ সৈতে সম্পৰ্কিত জৈন কাহিনীত, ৰোহিণী হৈছে কোশল ৰাজ্যৰ ৰাজকুমাৰী। তেওঁ [[স্বয়ংবৰ]] অনুষ্ঠানত বসুদেৱক তেওঁৰ স্বামী হিচাপে বাছনি কৰে। তেওঁ সৌৰপুৰত বাসুদেৱৰ সৈতে জীৱন অতিবাহিত কৰে, য'ত তেওঁ পুত্ৰ বলোৰামক জন্ম দিয়ে। জৈন বৰ্ণনা অনুসৰি তেওঁ চাৰিটা সপোন দেখিছিল: এটা সিংহ, এটা বগা হাতী, চন্দ্ৰ আৰু সাগৰ; এই সমূহ হিন্দু ধৰ্মৰ লগতে জৈন ধৰ্মতো বলোৰামৰ সৈতে সম্পৰ্কিত প্ৰতীক। জৈন মত অনুসৰি ৰোহিনীয়ে ব্ৰজত কৃষ্ণৰ লালন-পালনত কোনো ভূমিকা পালন কৰা নাছিল; তেওঁ সৌৰাপুৰত বলোৰামৰ যত্নহে লৈছিল। প্ৰাপ্তবয়স্ক বলোৰামে কৃষ্ণক সহায় কৰিবলৈ ব্ৰজধামলৈ যায়।<ref name="Vemsani"/>