আৰ্দ্ৰতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Humidity|img=Cloud forest mount kinabalu.jpg}}
'''আৰ্দ্ৰতা''' ({{lang-en|Humidity}}) হৈছে বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব। পানীৰ বাষ্প অৰ্থাৎ পানীৰ গেছীয় অৱস্থা, সাধাৰণতে মানুহৰ চকুৰ বাবে অদৃশ্য।<ref>{{cite web|title=What is Water Vapor|url=http://www.weatherquestions.com/What_is_water_vapor.htm|access-date=2012-08-28}}</ref> আৰ্দ্ৰতাই বৰষুণ, নিয়ৰ বা কুঁৱলী থকাৰ সম্ভাৱনাক সূচায়।
 
আৰ্দ্ৰতা বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে। সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হৈ আছে। এনেদৰে বাষ্পীভূত হোৱা জল-কণাবোৰ বায়ুমণ্ডলত মিহলি হৈ থাকে। বছৰৰ ভিন ভিন ঋতুত আৰু ভিন ভিন ঠাইত বায়ুৰ উত্তাপৰ পাৰ্থক্যৰ বাবে বায়ুমণ্ডলে ধাৰণ কৰা জলীয়বাষ্পৰ পৰিমাণ ভিন ভিন হোৱা দেখা যায়। এইদৰে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক আৰ্দতা বুলি কোৱা হয়।
আৰ্দ্ৰতা দুই প্ৰকাৰৰ (১) চৰম আৰ্দ্ৰতা (Absolute Humidity) কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা বোলে। (২) আপেক্ষিক আৰ্দ্ৰতা (Relative Humidity)কোনো নিৰ্দিষ্ট উষ্ণতাত সেই আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে।
== তথ্যউৎস ==
"https://as.wikipedia.org/wiki/আৰ্দ্ৰতা"ৰ পৰা অনা হৈছে