প্ৰমথেশ চন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
কায়স্থ ক্ষত্ৰিয় জাতিৰ আছিল
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় [[অসম]]ৰ [[গোৱালপাৰা]] জিলাৰ [[গৌৰীপুৰ]]ৰ বিখ্যাত জমিদাৰৰাজবংশৰ পৰিয়ালত। জন্মগত ভাৱেই তেওঁ আছিল কায়স্থ ক্ষত্ৰিয় কুলৰ ৰাজপুত্ৰ। পিতৃ আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা।সৰোজবালা দেৱী। তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে। <ref>{{cite web|url=http://www.bfjaawards.com/archives/articles/198801.htm|title=IndianCinema:The Platinum Touch|publisher=www.bfjaawards.com|accessdate=2008-10-23|last=Bhanja|first=Manujendra |archiveurl = http://web.archive.org/web/20080502101907/http://www.bfjaawards.com/archives/articles/198801.htm |archivedate = 2008-05-02}}</ref> তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ। সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল।
 
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি [[কলিকতা]]ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা [[পদাৰ্থ বিজ্ঞান]]ৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২১ চনত বৰুৱাই [[কলিকতা]]ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা '''মাধুৰীলতা'''ৰ লগত বিবাশপাশত আৱদ্ধ হয়। ইয়াৰ পিছত তেখেত [[ইউৰোপ]] ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে [[চলচ্চিত্ৰ]]ৰ প্ৰতি আকৃষ্ট হয়। ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে। [[অসম বিধানসভা]]ৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে। কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে। বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী [[যমুনা বৰুৱা]]ৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয়।