গৰীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) No edit summary |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
{{original research}}
{{wikify}}
'গৰীয়া' এটা অসমীয়া শব্দ। ইয়াৰ অৰ্থ বিভিন্নজনে বিভিন্নধৰণে দিছে। অসমীয়া অভিধান মতে গৰীয়া শব্দৰ মূল অৰ্থ হৈছে এলাগী হোৱা, বেকা নোহোৱা, ভালকৈ ভাঁজ নোলোৱা বা নুফুটা, বাদ পৰা, আছুতীয়া আৰু অসমীয়া মুছলমান ইত্যাদি। গৰীয়া শব্দৰ
চেংচাই (গৰীয়া) তেতিয়া মুছলমান নাছিল
তাহানিতে গৰীয়াসকল বিভিন্ন জনগোষ্ঠীৰে (যেনে- মৰাণ, মটক, বৰাহী, চুতীয়া, কোচ, আহোম, কছাৰী, মেছ আদি) লোক আছিল। প্ৰাচীনকালত সৌমাৰপীঠ বিভিন্ন জনজাতীয় লোকৰ বাসস্থান
কিন্তু গৰীয়া মানে মুছলমান বা ইছলাম ধৰ্মৰ লোকক বুজোৱা হোৱা নাছিল। কাৰণ তেওঁলোক তেতিয়া হিন্দু গ্ৰহণ নকৰাৰ কাৰণে, আৰ্যকৰণত চামিল নোহোৱাৰ কাৰণেই সমাজৰ পৰা এলাগী হৈ, গৰীয়া পৰি গৰীয়াকৰণত জাহ গৈছিল। অৱশ্যে পিছত অসম ভূমিলৈ অহা ইছলাম ধৰ্মীয় ছুফী সাধকসকলৰ সান্নিধ্যত বিভিন্ন কাৰণত সেই গৰীয়া পৰা অসমীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ আজান ফকিৰ(ছাহ মিলান)য়ে প্ৰচাৰ কৰা ইছলামৰ বাণীত আকৰ্ষিত হৈও এক বুজন সংখ্যক গৰীয়া পৰা লোক ইছলামত দীক্ষিত হৈছিল। এইজনা আজান পীৰ চাহেবে অসমীয়া জিকিৰ আৰু জাৰি আদি ভক্তিমূলক গীতৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিলৈ অনৱদ্য অৱদান আগবঢ়াই থৈ গৈছে। সেয়ে আজিও অসমৰ গৰীয়া সমাজখনত আজান পীৰ চাহাবৰ ধৰ্মীয় সহনশীলতাৰ বাণীৰ চানেকি ভালকৈয়ে পৰিলক্ষিত হয়। আমি পৰৱৰ্তী সময়ত অসমীয়া সমাজ জীৱনৰ লগত আজান ফকীৰৰ সম্পৰ্কৰ বিষয়ে বিস্তৃতভাৱে তথ্যসমৃদ্ধ তথ্য আপোনাসৱৰ ওচৰত ডাঙি ধৰিম।
এনেকৈয়ে অসমত 'গৰীয়া পৰা' মানুহৰ পৰা খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া জনগোষ্ঠীৰ সৃৃষ্টি হয়। যদিওঁ তাহানিতে গৰীয়া মানেই ইছলাম ধৰ্মৰ নাছিল, কালক্ৰমত সকলো গৰীয়াই এতিয়া ইছলামত দীক্ষিত। এনকৈয়ে ছুফী সাধকসকলৰ সান্নিধ্যত, ধৰ্মীয় বাণীত আকৃষ্ট হয় কিছু হিন্দু ধৰ্মাৱলম্বী স্থানীয় জনজাতীয় আৰু অ-জনজাতীয় লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। যি সকল হিন্দুধৰ্মী লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকক, তেওঁলোকৰ গাঁৱৰ সমাজ সমূহে এলাগী কৰিছিল, সেই নতুনকৈ ধৰ্মান্তৰিত অসমীয়া হিন্দু লোক সকলো গৰীয়া জনগোষ্ঠীত জাহ গৈছিল।
সৌমাৰপীঠৰ দৰে বৰ্তমানৰ নামনি অসমো গৰীয়া জনগোষ্ঠীৰ অন্যতম বাসস্থান। গুৱাহাটীকে কেন্দ্ৰ কৰি নামনি অসমৰ এক বৃহৎ অংশ প্ৰায় ৭০ বছৰলৈকে দিল্লীৰ চুলতান শাসকসকলৰ আৰু মোগলৰ অধীনত আছিল। সেই সময়ত নামনি অসমতো বৃহৎ সংখ্যক ছুফী সাধকৰ আগমন ঘটিছিল, তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ এক বুজন সংখ্যক স্থানীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে- হাজোৰ ওচৰৰ কলিতাকুঁচি তেনে এখন ধৰ্মান্তৰিত গৰীয়া গাওঁ, তেওঁলোকক স্থানীয় ভাৱে গৰীয়া বুলি কোৱা হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
আহোম সাম্ৰাজ্যৰ জয়-জয় কাৰ অৱস্থাত আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ ৰাজকাৰ্য পৰিচালনা কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিভিন্ন কাৰিকৰী বিদ্যাত পাৰ্গত লোকক অসমলৈ আনিছিল আৰু সেই লোকসকলে অসমৰে গৰীয়া লোকসকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি এই গৰীয়া সমাজৰ লগত জীন যায়। তাৰ উপৰিও অসমত বিভিন্ন সময়ত অহা ছুফী সাধক সকলেও অসমৰ স্থানীয় ছোৱালী বিয়া পাতি অসমত থাকি যায়, তেওঁলোকৰ সতি-সন্ততি সকলেও স্থানীয় গৰীয়া সমাজখনৰ লগত এটা সময়ত জাহ যায়। অসমলৈ অহা ছুফী সাধকসকলৰ বংশধৰ সকলৰ বহুতে নিজৰ নামৰ আগত 'ছৈয়দ' শব্দৰ ব্যৱহাৰ কৰে আৰু সেয়ে তেওঁলোকক ছৈয়দ বুলিও জনা
এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমৰ সমাজ ব্যৱস্থা আৰু জাতীয় জীৱনত গৰীয়া সকলৰ এক লেখত ল'বলগীয়া অবদান আছে। গৰীয়া সকল ইছলামধৰ্মী হোৱাৰ পিছতো দিল্লীৰ মোগল সকলৰ অসম
“যোৰহাট মোক্তাৱ আদৰ্শ প্ৰথমিক বিদ্যালয়” আৰু ১৮৮৯ চনত বিশ্বনাথ জিলাৰ চতিয়া
গৰীয়া জনগোষ্ঠী অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠী
|