ইন্দ্ৰজিৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
17 নং শাৰী:
[[সংস্কৃত ভাষা|সংস্কৃত]]ত ইন্দ্ৰজিৎ (इन्द्रजित्) শব্দৰ অৰ্থ হৈছে "যিজনে ইন্দ্ৰক জয় কৰিছে"। মেঘনাদৰ অৰ্থ (मेघनाद) "মেঘৰ গৰ্জন বা আকাশৰ অধিপতি"। ইয়াৰে তামিল ৰূপ হৈছে ''মেঘনাথন''<ref>Kamba Rāmāyanam: an English prose rendering (1996), p. 20.</ref> (மேகநாதன்) আৰু ইয়াৰ অৰ্থ "মেঘৰ অধিপতি"। দেৱৰাজ [[ইন্দ্ৰ]]ক যুদ্ধত পৰাজিত কৰাৰ পিছত তেওঁ ইন্দ্ৰজিৎ নামেৰে জনাজাত হয়।<ref name="sacred-texts.com">http://www.sacred-texts.com/hin/rama/</ref> ইন্দ্ৰজিতক চক্ৰজিৎ, ৰাৱণী, বাসৱজিৎ, বাৰিদনাদ আৰু ঘননাদ নামেৰেও জনা যায়।
 
==জন্ম==
==প্ৰাৰম্ভিক জীৱন==
ইন্দ্ৰজিৎ [[ৰাৱণ]] আৰু তেওঁৰ পত্নী [[মন্দোদৰী]]ৰ জ্যেষ্ঠ পুত্ৰ আছিল। জন্মৰ পিছত তেওঁৰ নাম মেঘনাদ ৰখা হৈছিল কাৰণ তেওঁৰ জন্মৰ সময়ত তেওঁৰ কান্দোন আছিল বজ্ৰপাতৰ দৰে। যেতিয়া মেঘনাদৰ জন্মৰ সময় হয় তেতিয়া ৰাৱণে তেওঁৰ পুত্ৰক শ্ৰেষ্ঠতম হোৱাটো কামনা কৰিছিল যাতে পৃথিৱীৰ কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। ৰাৱণে তেওঁৰ পুত্ৰক মহান যোদ্ধা আৰু অত্যন্ত জ্ঞানী হোৱাটো বিচাৰিছিল। ৰাৱণ নিজেই এজন মহান জ্যোতিষী আছিল। পুত্ৰক অমৰ কৰি তুলিবলৈ ৰাৱণে সকলো গ্ৰহ আৰু তাৰকামণ্ডলীক এনেদৰে অৱস্থান কৰিবলৈ আদেশ দিছিল যে তেওঁৰ পুত্ৰই যাতে তেওঁ বিচৰা ধৰণে জন্ম লয়। ৰাৱণৰ ক্ৰোধ আৰু পৰাক্ৰমৰ বাবে সকলো গ্ৰহ আৰু নক্ষত্ৰই তেওঁক ভয় কৰিছিল। পুত্ৰ মেঘনাদৰ জন্মৰ সময়ত ৰাৱণে আদেশ অনুসৰি সকলো গ্ৰহ নিৰ্দিষ্ট অৱস্থানত আছিল আৰু সেয়ে তেওঁলোক মেঘনাদৰ ৰাশিফলৰ একাদশ ঘৰত অধিষ্ঠিত হৈছিল।<ref name="Meghnads horoscope">{{cite news | url=http://daily.bhaskar.com/news/JM-a-furious-fight-between-raavan-and-lord-shani-killed-raavans-son-meghnad-4636058-PHO.html?seq=2 | title=Ravana and Shani fight over the horoscope of Meghanath | access-date=December 2, 2015}}</ref>
 
অৱশ্যে [[শনি (দেৱতা)|শনিয়ে]] ৰাৱণৰ আদেশ অমান্য কৰি মেঘনাদৰ ৰাশিফলৰ দ্বাদশ ঘৰত অৱস্থান কৰে। ৰাৱণ এই কথাত ক্ৰোধিত হয় আৰু শনিক দোষাৰোপ কৰে। শনিৰ এই অৱস্থানৰ বাবেই ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত মেঘনাদে লক্ষ্মণৰ হাতত মৃত্যুবৰণ কৰিব লগা হয়।
 
==ব্ৰহ্মাৰ বৰদান==
==যুদ্ধক্ষেত্ৰৰ ভূমিকা==
"https://as.wikipedia.org/wiki/ইন্দ্ৰজিৎ"ৰ পৰা অনা হৈছে