ইন্দ্ৰজিৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
25 নং শাৰী:
দেৱতা আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধৰ সময়ত দেৱৰাজ ইন্দ্ৰই আন সকলো দেৱতাৰ সৈতে ৰাৱণক আগুৰি ধৰে। পিতৃক উদ্ধাৰ কৰিবলৈ মেঘনাদে ইন্দ্ৰ আৰু তেওঁৰ হাতী [[ঐৰাৱত]]ক আক্ৰমণ কৰে আৰু সকলো দেৱতাৰ লগতে ইন্দ্ৰকো পৰাজিত কৰে। মেঘনাদে ইন্দ্ৰক তেওঁৰ উৰণীয়া ৰথত বন্দী কৰি লংকালৈ লৈ আনে। ৰাৱণ আৰু মেঘনাদে ইন্দ্ৰক হত্যা কৰিবলৈ উদ্যত হওঁ‌তে [[ব্ৰহ্মা]]ই হস্তক্ষেপ কৰে আৰু মেঘনাদক ইন্দ্ৰক মুক্ত কৰিবলৈ কয়। ইয়াৰ প্ৰতিদানত ব্ৰহ্মাই মেঘনাদক তেওঁৰ পৰা বৰ বিচাৰিবলৈ কয়। মেঘনাদে অমৰত্বৰ বৰ বিচাৰে যদিও ব্ৰহ্মাই কয় যে অমৰত্ব প্ৰকৃতিৰ নিয়মবিৰোধী। তাৰ পৰিৱৰ্তে ব্ৰহ্মাই তেওঁক আন এটা বৰ প্ৰদান কৰে। ইয়াৰ মতে মেঘনাদে তেওঁৰ জন্মস্থানৰ দেৱী প্ৰত্যাংগিৰাৰ যজ্ঞ বা "নিকুম্বিলা যজ্ঞ" সম্পূৰ্ণ কৰিলে এখন মহাকাশীয় ৰথ পাব আৰু এই ৰথত আৰোহণ কৰিলে কোনো শত্ৰুৱে তেওঁক যুদ্ধত হত্যা কৰিব নোৱাৰে। কিন্তু ব্ৰহ্মাই তেওঁক সতৰ্ক কৰি দিয়ে যে যিজনে এই যজ্ঞ ধ্বংস কৰিব তেৱেঁ‌ই মেঘনাদৰ কাল হ'ব। এই যুদ্ধত মেঘনাদৰ বীৰত্ব দেখি ব্ৰহ্মা যথেষ্ট প্ৰভাৱিত হয় আৰু তেওঁ মেঘনাদক ইন্দ্ৰজিৎ নাম প্ৰদান কৰে। আন এক বিশ্বাস মতে মেঘনাদক ব্ৰহ্মাই বৰ প্ৰদান কৰিছিল যে তেওঁক কেৱল এজন সাধাৰণ মানুহেহে হত্যা কৰিব যি ১৪ বছৰ ধৰি একেৰাহে টোপনি যোৱা নাই।<ref name="Ramayana">{{cite book | url=https://books.google.com/?id=4Wzg6wFJ5xwC | title=Ramayana | publisher=University of California Press | author=B. A van Nooten William | year=2000 | isbn=978-0-520-22703-3}}</ref>
==যুদ্ধক্ষেত্ৰৰ ভূমিকা==
ৰাৱণৰ পিছতেই মেঘনাদ আছিল ৰাৱণৰ ফালৰ আটাইতকৈ শক্তিশালী আৰু নিপুণ যোদ্ধা। তেওঁ এজন মহান ধনুৰ্বিদ আৰু মায়াবী যুদ্ধ কৌশলত অতুলনীয় আছিল।
===প্ৰথম দিন===
[[File:Rama Lakshmana Nagapasha.jpg|thumb|250px|নাগপাশত বন্দী ৰাম-লক্ষ্মণ।]]
 
ৰামৰ সৈন্যবাহিনীৰ সৈতে যুদ্ধৰ প্ৰথম দিনা ইন্দ্ৰজিতৰ গতি আছিল দুৰ্দান্ত। তেওঁ অঙ্গদক পৰাজিত কৰি আৰু তেওঁক যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাবলৈ বাধ্য কৰে। তেওঁ দ্ৰুতগতিত সুগ্ৰীৱৰ সৈন্যবাহিনী ধ্বংস কৰে আৰু ৰাম-লক্ষ্মণক সমুখ-সমৰত নামিবলৈ আহ্বান জনায় যাতে তেওঁ নিজৰ খুড়াক আৰু ভ্ৰাতৃসকলৰ মৃত্যুৰ প্ৰতিশোধ ল'ব পাৰে। যেতিয়া লক্ষ্মণ তেওঁৰ সন্মুখত উপস্থিত হয় তেওঁ অদম্য পৰাক্ৰমেৰে যুঁজ দিয়ে আৰু নাগপাশ (এক নিযুত সাপৰ দ্বাৰা নিৰ্মিত পাশ) প্ৰয়োগ কৰে। ইয়াৰ ফলত ৰাম আৰু লক্ষ্মণ শ্বাসৰুদ্ধ হৈ মাটিত বাগৰি পৰে। হনুমানৰ নিৰ্দেশত [[গৰুড়|গৰুড়ে]] তেওঁলোকক উদ্ধাৰ কৰে। গৰুড় আছিল [[জটায়ু]] আৰু [[সম্পাতি]]ৰ খুড়াক। তেওঁ সকলো সৰ্পৰ চিৰবৈৰী আৰু [[বিষ্ণু]]ৰ [[বাহন]]। আনহাতে [[ৰাম]] আছিল বিষ্ণুৰ সপ্তম অৱতাৰ।
===দ্বিতীয় দিন===
===তৃতীয় দিন===
 
==তথ্য সংগ্ৰহ==
{{Reflist|2}}
"https://as.wikipedia.org/wiki/ইন্দ্ৰজিৎ"ৰ পৰা অনা হৈছে