ইন্দ্ৰজিৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
[[File:Killing of Indrajit Painting by Balasaheb Pant Pratinidhi.jpg|thumb|250px|ইন্দ্ৰজিৎ বধ। ]]
 
লক্ষ্মণ পুনৰবাৰ ৰক্ষা পৰা বুলি জানিব পাৰি ইন্দ্ৰজিতে তেওঁ প্ৰত্যাংগীৰাৰ গোপন মন্দিৰলৈ যজ্ঞ কৰিবলৈ ৰাওনা হ'ল যাৰ ফলত তেওঁ অবধ্য হৈ পৰিব। ৰাৱণক এৰি ৰামৰ দলত যোগদান কৰা ইন্দ্ৰজিতৰ খুড়াক বিভীষণে তেওঁৰ ভতিজা ইন্দ্ৰজিতৰ পৰিকল্পনাৰ বিষয়ে তেওঁৰ চোৰাংচোৱাসকলৰ জৰিয়তে জানিব পাৰি আৰু ৰামক সতৰ্ক কৰি দিয়ৱ। লক্ষ্মণ আৰু বিভীষণে যজ্ঞস্থলীত ইন্দ্ৰজিতৰ মুখামুখি হ'বলৈ যায়। [[বাল্মীকি]] [[ৰামায়ণ]]ৰ উদ্ধৃতি মতে, লক্ষ্মণৰ সৈন্যবাহিনীৰ দ্বাৰা তেওঁৰ যজ্ঞ ধ্বংস হোৱাৰ পিছত, ইন্দ্ৰজিৎ ক্ৰোধান্বিত হয় আৰু মন্দিৰ-গহ্বৰৰ পৰা বাহিৰলৈ ওলাই আহি লক্ষ্মণৰ সৈতে যুঁজ দিয়ে। <ref name="sacred-texts.com"/> লক্ষ্মণৰ কাষত তেওঁৰ খুৰাক বিভীষণক দেখি ইন্দ্ৰজিতৰ ক্ৰোধ বহুগুণে বৃদ্ধি পায়। তেওঁ লক্ষ্মণৰ সৈতে তেওঁৰ খুড়াক বিভীষণক হত্যা কৰিবলৈ অংগীকাৰ কৰে আৰু বিভীষণক দেশদ্ৰোহীতাৰ শাস্তি দিয়াৰ বাবে যম-অস্ত্ৰ নিক্ষেপ কৰে। লক্ষ্মণে ততালিকে [[কুবেৰ]]ৰ পূৰ্বৰ সতৰ্কবাণী সুঁ‌ৱৰি বিভীষণক সুৰক্ষা দিয়ে। ইন্দ্ৰজিতে উপলব্ধি কৰে যে লক্ষ্মণ এজন সাধাৰণ মানুহ নহয় আৰু তেওঁ ইন্দ্ৰজিতক পৰাস্ত কৰাৰ চৰ্ত পূৰণ কৰে। অৰ্থাৎ লক্ষ্মণে ইন্দ্ৰজিতৰ যজ্ঞ নষ্ট কৰে। ইয়াৰোপৰি তেওঁ ১৪ বছৰ ধৰি তেওঁ নিদ্ৰাৰ কোলাত আশ্ৰয় লোৱা নাই। ইন্দ্ৰজিৎ যুদ্ধক্ষেত্ৰৰ পৰা কিছু সময়ৰ বাবে অন্তৰ্হিত হৈ ৰাজকীয় প্ৰাসাদত ৰাৱণলৈ উভতি আহে আৰু সমস্ত ঘটনাক্ৰমৰ বিষয়ে কৈ ৰাৱণক ৰামৰ সৈতে শান্তি স্থাপন কৰাৰ প্ৰস্তাৱ দিয়ে। অহংকাৰত অন্ধ ৰাৱণে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰাৰ বাবে ইন্দ্ৰজিতক কাপুৰুষ আখ্যা দিয়ে। এই কথাই ইন্দ্ৰজিতক উত্তেজিত কৰি তোলে আৰু তেওঁ ৰাৱণৰ ওচৰত ক্ষমা বিচাৰি কয় যে পুত্ৰ হিচাপে তেওঁৰ প্ৰাথমিক কৰ্তব্য হৈছে তেওঁৰ পিতৃৰ হিতৰ হকে কাম কৰা। তেওঁ মৃত্যুৰ সময়তো তেওঁ কেতিয়াও ৰাৱণক ত্যাগ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। মৃত্যু নিশ্চিত বুলি জানি ইন্দ্ৰজিতে তেওঁৰ পিতৃ-মাতৃ আৰু পত্নীক শেষ বিদায় জনায়। যুদ্ধক্ষেত্ৰলৈ উভতি আহিয়েই তেওঁ দৃষ্টিবিভ্ৰম আৰু মায়াৰে লক্ষ্মণৰ সৈতে সমস্ত শক্তিৰে যুঁজ দিয়ে। ইন্দ্ৰজিতৰ অস্ত্ৰসমূহে লক্ষ্মণৰ ক্ষতি কৰিবলৈ অস্বীকাৰ কৰে কিয়নো লক্ষ্মণ আছিল [[শেষনাগ]]ৰ অৱতাৰ। লক্ষ্মণে ইন্দ্ৰজিতক অঞ্জলিকাস্ত্ৰৰে শিৰশ্ছেদ কৰে। প্ৰকৃতাৰ্থত ইন্দ্ৰজিতক হত্যা কৰিবলৈ শেষ নাগে ৰামৰ ভায়েক লক্ষ্মণ হিচাপে অৱতাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ নিৰ্বাসনৰ সময়ত চৈধ্য বছৰ ধৰি তেওঁৰ টোপনি নাছিল যাতে তেওঁ ৰাম আৰু সীতাক দক্ষতাৰেনিষ্ঠাৰে সেৱা কৰিব পাৰে আৰু ইন্দ্ৰজিৎকইন্দ্ৰজিতক হত্যা কৰাৰ চৰ্ত পূৰণ কৰিব পাৰে। <ref name="sacred-texts.com"/>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ইন্দ্ৰজিৎ"ৰ পৰা অনা হৈছে