শেষনাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

32 নং শাৰী:
 
===মহাবিষ্ণু আৰু সংকৰ্ষণ===
শেষনাগক মহাবিষ্ণুৰ শয্যা হিচাপে পৰিৱৰ্তনশীল পৃথিৱীৰ সাগৰত ভাঁ‌হি থকা ৰূপত চিত্ৰিত কৰা হয়। তেওঁক আদিশেষ (সৰ্পৰ আদিপুৰুষ) বা অনন্তশেষ বা অনন্ত (অন্তহীন, যিহেতু তেওঁ কল্পৰ সমাপ্তি অৰ্থাৎ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ধ্বংসৰ পিছতো বৰ্তি থাকে) বুলিও আখ্যা দিয়া হয়।
 
ভাগৱত পুৰাণত শেষৰৰ নাম হৈছে সংকৰ্ষণ যি স্বয়ং ভগৱান নাৰায়ণৰ তামসিক শক্তি। কোৱা হয় যে তেওঁ পাতালৰ ভিতৰৰ গভীৰ স্তৰত বাস কৰে য'ত শিৰত ৰত্ন ধাৰণ কৰা বহুতো সৰ্প আছে সংকৰ্ষণ এওঁ‌লোকৰ শাসক। তেওঁ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আগৰে পৰা বিদ্যামান হৈ আছে বুলি কোৱা হয়। যেতিয়া বিশ্বব্ৰহ্মাণ্ড ইয়াৰ অন্তিম পৰ্যায়ত থাকে তেতিয়া তেওঁ বিশ্বব্ৰহ্মাণ্ড ধ্বংস কৰিবলৈ ১১জন ৰুদ্ৰৰ সৃষ্টি কৰে যাতে নতুন বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিব পাৰি।
 
সংকৰ্ষণ বিষ্ণুৰ চাৰি স্বৰূপৰ ভিতৰত অন্যতম। ইয়াৰে বাকী তিনিটা হৈছে বাসুদেৱ, প্ৰদ্যুম্ন আৰু অনিৰুদ্ধ।
 
[[ব্ৰহ্মা]]ক সৃষ্টি কৰিবৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিতে সংকৰ্ষণে নিজকে গৰ্ভোদক্ষয়ী-বিষ্ণু হিচাপে বিস্তাৰিত কৰে। অৰ্থাৎ, ভগৱান সংকৰ্ষণ নিজেই ভগৱান নাৰায়ণৰ ৰূপ।
 
পুৰাণৰ পূৰ্বৱৰ্তী অধ্যায়বোৰত এইটোও কোৱা হয় যে ভগৱান সংকৰ্ষণে চাৰিজন কুমাৰক ভাগৱত কথন কৰিছিল। তেওঁলোকে পৰিৱৰ্তী কালত ভাগৱতৰ এই বাৰ্তা বহন কৰি লৈ যায়। এসময়ত ভাগৱত-বাৰ্তা ঋষি মৈত্ৰেয়লৈ প্ৰেৰণ কৰা হয় আৰু এয়া তেওঁ [[বিদুৰ]]ৰ কয়।
 
==অৱতাৰ==
"https://as.wikipedia.org/wiki/শেষনাগ"ৰ পৰা অনা হৈছে