লক্ষ্মণ ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Rawana approaches Sita in the garb of mendicant.jpg|thumb| ব্ৰাহ্মণৰ বেশেৰে ভিক্ষা খুজি লঙ্কাৰ ৰাজা [[ৰাবণৰাৱণ]]ৰ [[সীতা|সীতাৰ]] ওচৰলৈ অভিগমন]]
 
'''লক্ষ্মণ ৰেখা''' ({{Lang-sa|लक्ष्मण रेखा}}), হৈছে ৰাম-অনুজ লক্ষ্মণৰ দ্বাৰা অংকিত ৰেখা। মূল বাল্মিকী ৰামায়ণৰ বাদে পৰৱৰ্তীকালত একাধিক আঞ্চলিক ভাষালৈ ৰামায়ণৰ অনুবাদ কৰা হয়। এই আঞ্চলিক ভাষাৰ ৰামায়ণ সমূহৰ কিছু সংস্কৰণত এই লক্ষ্মণৰেখাৰ উল্লেখ পোৱা যায়। [[লক্ষ্মণ]] তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা আৰু ভ্ৰাতাপত্নীৰ সৈতে বৰ্তমান [[মহাৰাষ্ট্ৰ|মহাৰাষ্ট্ৰৰ]] নাছিক চহৰৰ পৰা কিছু দূৰৈৰ [[দণ্ডকাৰণ্য|দণ্ডকাৰণ্যৰ]] পঞ্চবটী অঞ্চলৰ ওচৰতে কুটিৰ নিৰ্মাণ কৰি বাস কৰিছিল। উক্ত কুটিৰটিক আগুৰি লক্ষ্মণৰ দ্বাৰা অংকিত সুৰক্ষা ৰেখাটিয়েই লক্ষ্মণৰেখা নামে পৰিচিত। লক্ষ্মণে তেওঁৰ অগ্ৰজ [[ৰাম|ৰামৰ]] সন্ধানত কুটীৰৰ পৰা দূৰৱৰ্তী স্থানলৈ যোৱাৰ পূৰ্বে সীতাক সুৰক্ষিত ৰাখাৰ উদ্দেশ্যে এই ৰেখাটি তৈয়াৰ কৰিছিল। উত্তৰ ভাৰতৰ বহুল প্ৰচলিত [[বাল্মীকি]] ৰামায়ণৰ [[ৰামচৰিতমানস]] সংস্কৰণটিৰ অৰণ্যকাণ্ডত লক্ষ্মণৰেখা বা এনে ধৰণৰ কোনো কাহিনীৰ উল্লেখ পোৱা নাযায়। [[বাল্মীকি]] ৰচিত মূল ৰামায়ণটো লক্ষ্মণৰেখাৰ উল্লেখ নাই। অৱশ্যে ৰামচৰিতমানসত লঙ্কাকাণ্ডৰ ৩৫.১ নম্বৰ শ্লোকত লক্ষ্মণৰেখাৰ কথা উল্লেখ আছে। কাহিনী অনুসৰি [[মন্দোদৰী]]য়ে তেওঁৰ স্বামী [[ৰাৱণ|ৰাৱণৰ]] বীৰত্বৰ ওপৰত প্ৰশ্ন তুলি তেওঁক তিৰস্কাৰ আৰু লাঞ্ছনা কৰি কৈছিল যে, তেওঁৰ ইমানেই শৌৰ্যপ্ৰতাপ আৰু তেওঁৰ ভীমশক্তিৰ ইমানেই গুৰুত্ব যে সামান্য এক ভিক্ষুকৰূপী বনাচাৰী তথা ৰামানুজ লক্ষ্মণৰ পৰ্ণকুটীৰৰ চাৰিধাৰে কৰা সামান্য ৰেখা অতিক্ৰম কৰিবলৈয়ো তেওঁ অপাৰগ। স্বামীৰ প্ৰতি তেওঁৰ এই মন্তব্য নিতান্তই ৰূপকধৰ্মী আৰু দম্ভভেদী।<ref>https://www.bartleby.com/essay/Character-of-Lakshman-PK7X2L36YYS</ref>