ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 বাইট যোগ দিয়া হ’ল ,  10 বছৰৰ পূৰ্বে
| -> ।
No edit summary
(| -> ।)
[[Image:unicode.gif|right|125px]]
[[Category:কম্পিউটাৰ বিজ্ঞান]]
'''ইউনিক’ড''' হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]] | ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে | শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা [[লিপি]]ৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে |
কম্পিউটাৰত প্ৰধানত: [[সংখ্যা]]ৰ ব্যৱহাৰ হয় | ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় | ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল | কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- [[ইউৰোপ]]ৰ সকলো [[ভাষা]]ক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় | কেৱল [[ইংৰাজী]]ৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল | ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে | গতিকে এটা কম্পিউটাৰত বা [[চাৰ্ভাৰ]]ত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে |
ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে | ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে | Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে | এতিয়া প্ৰায় সকলোবোৰ [[অপাৰেটিং চিষ্টেম]] আৰু [[ব্ৰাউজাৰ]]ত ইউনিক’ড উপলব্ধ | ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে |
 
==বৰ্হিসংযোগ==
2,335

টা সম্পাদনা