কুম্ভকৰ্ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
কুম্ভকৰ্ণই বৰ ভিক্ষা কৰিবলৈ লওঁতেই ইন্দ্ৰৰ অনুৰোধত তেওঁৰ জিভা দেৱী [[সৰস্বতী]]য়ে বান্ধি পেলায় যাৰ বাবে ''ইন্দ্ৰাসন'' (ইন্দ্ৰৰ ৰাজপাট) খোজাৰ পৰিৱৰ্তে তেওঁ ''নিদ্ৰাসন'' (শোৱাৰ বাবে বিচনা) বৰদান হিচাপে বিচাৰে। এইটোও কোৱা হয় যে তেওঁ ''নিৰ্দেৱতৱম'' (দেৱতাসকলৰ ধ্বংস) বিচাৰিবলৈ লয় আৰু দেৱী সৰস্বতীৰ প্ৰভাৱত তাৰ পৰিৱৰ্তে ''নিদ্ৰাৱতম'' (টোপনি) বিচাৰে। ব্ৰহ্মাই তেওঁৰ অনুৰোধ তৎক্ষণাৎ মঞ্জুৰ কৰে। অৱশ্যে তেওঁৰ ভাতৃ ৰাৱণে ব্ৰহ্মাক বৰদানৰ ৰূপত এই অভিশাপটো বাতিল কৰিবলৈ অনুৰোধ কৰিছিল আৰু ভগৱান ব্ৰহ্মাই ইয়াক হ্ৰাস কৰি কৈছিল যে তেওঁ ছয় মাহ শুব আৰু ইয়াৰ পিছত নিজৰ ভোক নিবাৰণ হোৱাৰ লগে লগে তেওঁ পুনৰ নিদ্ৰামগ্ন হ'ব।<ref>{{Cite book|last=Mani|first=Vettam|url=http://archive.org/details/puranicencyclopa00maniuoft|title=Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature|date=1975|publisher=Delhi : Motilal Banarsidass|others=Robarts - University of Toronto|pages=439}}</ref>
==যুদ্ধক্ষেত্ৰত==
[[File:Kumbhakarna yawns as he is roused from sleep;.jpg|thumb|150px|ধ্যানভংগ হোৱা কুম্ভকৰ্ণ।]]
 
যুদ্ধৰ সময়ত ৰাৱণ [[ৰাম]] আৰু তেওঁৰ সেনাৰ দ্বাৰা অপমানিত হয়। তেওঁ সিদ্ধান্ত লয় যে তেওঁক তেওঁৰ ভায়েক কুম্ভকৰ্ণৰ সহায়ৰ প্ৰয়োজন আৰু সেয়ে তেওঁ কুম্ভকৰ্ণক নিদ্ৰাৰ পৰা জগোৱাৰ ব্যৱস্থা কৰে। এক হাজাৰ হাতীয়ে কুম্ভকৰ্ণৰ গাৰ ওপৰেৰে যোৱাৰ পিছতহে তেওঁ সাৰ পাইছিল।
 
যেতিয়া তেওঁক ৰামৰ সৈতে ৰাৱণৰ যুদ্ধৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হয় তেতিয়া তেওঁ ৰাৱণক বুজাবলৈ চেষ্টা কৰে যে তেওঁ যি কৰি আছে সেয়া ভুল। কিন্তু তেওঁ ৰাৱণৰ প্ৰতি থকা আনুগত্যৰ বাবে যুদ্ধত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত লয়। কুম্ভকৰ্ণ যুদ্ধত নামি পৰি ৰামৰ সৈন্যবাহিনী ধ্বংস কৰে। তেওঁ [[সুগ্ৰীৱ]]ক অচেতন কৰি তেওঁক বন্দী কৰি লয়। কিন্তু অৱশেষত ৰামৰ হাতত তেওঁৰ মৃত্যু হয়। যেতিয়া ৰাৱণে তেওঁৰ ভায়েকৰ মৃত্যুৰ কথা শুনে তেওঁ মূৰ্ছা যায়আৰু ঘোষণা কৰে যে তেওঁ সঁচাকৈয়ে ধ্বংস হৈ গৈছে।<ref>{{Cite book|last=Mani|first=Vettam|url=http://archive.org/details/puranicencyclopa00maniuoft|title=Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature|date=1975|publisher=Delhi : Motilal Banarsidass|others=Robarts - University of Toronto|pages=450}}</ref>
 
কুম্ভকৰ্ণৰ তেওঁৰ পত্নী বজ্ৰবালাৰ পৰা কুম্ভ আৰু নিকুম্ভ নামৰ দুজন পুত্ৰ আছিল। ব্জ্ৰবালা আছিল বলিৰ জীয়ৰী আৰু বিৰোচনৰ নাতিনী আৰু তেৱোঁ‌ ৰামৰ বিৰুদ্ধে যুদ্ধত যুঁজি মৃত্যুবৰণ কৰিছিল।<ref>M.M.S. Shastri Chitrao (1964), pp. 149, 367</ref>
 
==অৱয়ব আৰু ব্যক্তিত্ব==
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/কুম্ভকৰ্ণ"ৰ পৰা অনা হৈছে