বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
| -> ।
3 নং শাৰী:
[[Image:ভাৰতীয় বিবাহ.gif|right|200px]]
 
'''বিবাহ''' : ’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে | বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায় | যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয় | বিবাহ প্ৰথাটো অতি পুৰণি | [[বেদ]]তো অনেক [[মন্ত্ৰ]]ত বিবাহৰ কথা উল্লেখ আছে |
 
''সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ | তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ||মনুস্যজাঃ।।'' ঋগ বেদ ১০/৭/৮০
 
অৰ্থাত্‍ -"হে কন্যা ! তোমাক প্ৰথমতে [[সোম]], দ্বিতীয়তে [[গন্ধৰ্ব]], তৃতীয়তে [[অগ্নি]] আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল | তেনেকুৱা তোমাক [[অগ্নি]]য়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে |" বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা |
 
[[আৰ্য]] [[হিন্দু]]সকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ | বিবাহ অনুস্থানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্বমূলক কথা জড়িত হৈ আছে | গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ | হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে |
বিবাহ আঠ প্ৰ্কাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ |
* '''ব্ৰাহ্ম বিবাহ''' : বিদ্বান-সদাচাৰী বৰক আহ্বান কৰি আনি অলংকাৰ আদিৰে অৰ্চনা কৰি দাতাই অলংকৃতা কন্যাক দান কৰাই হ’ল ব্ৰাহ্ম বিবাহ |
* '''দৈব বিবাহ''' : জ্যোতিষ্টোমাদি য্জ্ঞত কৰ্মকৰ্তা পুৰোহিতক সালংকৃতা কন্যাদান কৰাই হ’ল দৈব বিবাহ |
* '''আৰ্য বিবাহ''' : বৰৰ পৰা গো-যুগল বা দ্বি গো-যুগল (গাই গৰু) লৈ সেই গো-যুগলৰ সৈতে কন্যাদান কৰাই হ’ল আৰ্য বিবাহ |
* '''প্ৰাজাপত্য বিবাহ''' : কন্যাদাতাই যোগ্য ব্যক্তিক বৰ হিচাবে অৰ্চনা কৰি, কন্যাজনীৰ সৈতে উভয়ে গাৰ্হস্থ ধৰ্ম আচৰণ কৰিবা-এইদৰে কৈ কন্যাদান কৰিলে তাক প্ৰাজাপত্য বিবাহ বুলি কোৱা হয় |
* '''আসুৰ বিবাহ''' : কন্যা বা কন্যাৰ পিত্ৰাদিক য্থাশক্তি ধন দি বৰে নিজ ইচ্ছাৰে কন্যা গ্ৰহণ কৰা বিবাহেই আসুৰ বিবাহ |
* '''গান্ধৰ্ব বিবাহ''' : বৰ আৰু কন্যাৰ পৰস্পৰৰ অনুৰাগবশতঃ যি বিবাহ সম্পাদন হয় সেয়ে হৈছে গান্ধৰ্ব বিবাহ |
* '''ৰাক্ষস বিবাহ''' : যুদ্ধ বিগ্ৰহ কৰি বলপূৰ্ব্ক ঘৰৰ পৰা কন্যা হৰণ কৰি নিয়া বিবাহক ৰাক্ষস বিবাহ বোলে |
* '''পৈশাচ বিবাহ''' : নিদ্ৰাত অভিভূত অৱ্স্থাত নাইবা মদ্যপানৰ দ্বাৰা বিহ্বল বা উন্মত্ত অৱস্থাত কন্যাক চল কৰি নিৰ্জনত ধৰ্ষণ কৰাৰ নামেই পৈশাচ বিবাহ |
'''বিবাহৰ উদ্দেশ্য''': পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই নহয় | পত্নী গাৰ্হস্থ ধৰ্ম পালনৰ সহধৰ্মিণী | সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বা ধৰ্মপত্নী বা সহধৰ্মচাৰিণী বুলি কোৱা হয় | মহাভাৰতৰ শান্তিপৰ্বতো কোৱা আছে- ধৰ্মাৰ্থ কাম কালেষু ভাৰ্য্যা পুংসঃ সহায়িনী
অৰ্থাত্‍- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ সহায়কাৰিণী | পুৰুষ আৰু প্ৰকৃতি অকলশৰীয়া অৱস্থাত প্ৰত্যেকেই অৰ্দ্ধ | পুৰুষৰ অৰ্দ্ধ শৰীৰক পূৰ্ণাঙ্গ কৰিবৰ কাৰণে ভাৰ্য্যা গ্ৰহণ কৰিব লাগে |<ref>১ মনুস্মৃতি, ৩/২১</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে