নগাঁও বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
'''নগাঁও মহাবিদ্যালয়''' ({{lang-en|Nowgong College}}) হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন স্বায়ত্তশাসিত মহাবিদ্যালয়৷ ১৯৪৪ চনৰ ৭ আগষ্ট তাৰিখে যাত্ৰাৰম্ভ কৰা শৈক্ষিক প্ৰতিষ্ঠানখন নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত৷ নগাঁও মহাবিদ্যালয় অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান৷ প্ৰথমাৱস্থাত কলিকতা বিশ্ববিদ্যালয়ৰ অনুমতিসাপেক্ষে স্থাপিত হোৱা শিক্ষানুষ্ঠানখন ১৯৪৮ চনত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত হয়৷ <ref>{{cite web |title=Affiliated College of Gauhati University |url=http://www.gauhati.ac.in/college-affiliated%20colleges.php |url-status=dead |archiveurl=https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php |archivedate=6 June 2017 |df=dmy-all }}</ref> ২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ক [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] দহ বছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷ <ref>{{cite web |title=Nowgong College Gets Autonomous Status|url=https://www.time8.in/breaking-nowgong-college-gets-autonomous-status/
|date=22 December 2020|df=dmy-all }}</ref>
 
==ইতিহাস==
কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকত মধ্য অসমত এখনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিল৷ জননেতা মতিৰাম বৰাকে প্ৰমুখ্য কৰি কেইগৰাকীমান বিশেষ ব্যক্তিৰ উদ্যম আৰু উদ্যোগত ১৯৪৪ চনৰ ৭ আগষ্টৰ নগাঁও মহাবিদ্যালয়ে শৈক্ষিক যাত্ৰাৰ পাতনি মেলে৷ প্ৰতিষ্ঠাৰ সময়ত শিক্ষানুষ্ঠানখনত সাতগৰাকী শিক্ষক আৰু সাতগৰাকী শিক্ষাৰ্থী আছিল৷ ডেস্ক-বেঞ্চো আছিল সাতখন৷ ৰাজ্য চৰকাৰৰ পৰা এটকীয়া ৰূপৰ মুদ্ৰাৰ বিনিময়ত [[নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়|নগাঁও চৰকাৰী হাইস্কুল]]ৰ ছাত্ৰাৱাসসমূহ মহাবিদ্যালয়খনৰ কতৃত্বলৈ আহে৷
 
নগাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাত মতিৰাম বৰাৰ ভূমিকা উল্লেখযোগ্য৷ তেখেত আছিল মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য স্থপতি৷ সেইসময়ত তেখেতে নগাঁও স্থানীয় সভাৰ অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি আছিল৷ নগাঁও বিধানসভা সমষ্ঠিত জয়লাভ কৰাৰ পাছত তেখেতে অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে৷ মহাবিদ্যালয়খনৰ ভূমি-সংক্ৰান্তীয় কামকাজ, চৰকাৰী ডাক-বাংলা, শিক্ষানুষ্ঠানৰ বাবে প্ৰয়োজনীয় অৰ্থ, বৰদলৈ ভৱনৰ প্ৰতিষ্ঠাকে ধৰি একাধিক কৰ্মত মতিৰাম বৰাই আত্মনিয়োগ কৰে৷ নগাঁও জিলাৰ কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়েও বিত্ত আৰু নীতিনিৰ্ধাৰণৰ কামত হাত উজান দিয়ে৷ তাৰে ভিতৰত সমাজকৰ্মী বৃন্দাবন গোস্বামী, পূৰ্ণ চন্দ্ৰ শৰ্মা, প্ৰতাপ চন্দ্ৰ শৰ্মা, যোগ সিং ছেত্ৰী, মহি চন্দ্ৰ বৰা, হলধৰ ভূঞা, প্ৰিয় ৰঞ্জন সেনগুপ্তা, বিমলা কান্ত বৰা, ডা০ ললিত বৰুৱা, প্ৰিয়নাথ সেন আদি প্ৰধান৷
 
মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল সাহিত্যিক [[যজ্ঞেশ্বৰ শৰ্মা]]ই৷ [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]ৰ অধ্যাপক যজ্ঞেশ্বৰ শৰ্মাই ইংৰাজী সাহিত্যৰ উপৰি অসমীয়া আৰু সংস্কৃততো পাণ্ডিত্য দেখুৱাইছিল৷ তেখেতৰ লগত শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ হকে কাম কৰিছিল অসমৰ ইতিহাসবিদ, সাহিত্যিক তথা নগাঁৱৰে সন্তান ড০ [[সূৰ্যকুমাৰ ভূঞা]]ই৷ তেখেত আছিল শিক্ষানুষ্ঠানখনৰ পৰিচালনা সভাৰ সভাপতি৷ পোনতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হৈছিল [[কলিকতা বিশ্ববিদ্যালয়]]ৰ অধীনত৷ ১৯৪৮ চনত শিক্ষানুষ্ঠানখন [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ অন্তৰ্ভূক্ত হয়৷ <ref>{{Cite web|title=NOWGONG COLLEGE – Just another My Website site|url=https://www.nowgongcollege.edu.in/index.html|access-date=2020-05-15|website=www.nowgongcollege.edu.in}}</ref> সেইসময়ত বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষৰ আসনত আছিল সংস্কৃত পণ্ডিত আৰু সুসাহিত্যিক [[কৃষ্ণকান্ত সন্দিকৈ]]৷ দেশৰ বিভাজনৰ পাছত নগাঁও মহাবিদ্যালয়ৰ লগত বিশেষকৈ বিজ্ঞান শাখাত কিছুসংখ্যক সুশিক্ষিত প্ৰব্ৰজনকাৰী জড়িত হয়৷ <ref>{{Cite web|title=HISTORY – NOWGONG COLLEGE|url=https://www.nowgongcollege.edu.in/down-memory-lane.html|access-date=2021-07-07|website=www.nowgongcollege.edu.in}}</ref>
 
২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ক [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] দহবছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷ <ref name="Autonomous">{{cite news | url=https://www.time8.in/breaking-nowgong-college-gets-autonomous-status/ | title=Nowgong College Gets Autonomous Status | date=22 December, 2020 | agency=time8 | accessdate=14 July 2021}}</ref>
 
==তথ্যসূত্ৰ==