নগাঁও বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
 
মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল সাহিত্যিক [[যজ্ঞেশ্বৰ শৰ্মা]]ই৷ [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]ৰ অধ্যাপক যজ্ঞেশ্বৰ শৰ্মাই ইংৰাজী সাহিত্যৰ উপৰি অসমীয়া আৰু সংস্কৃততো পাণ্ডিত্য দেখুৱাইছিল৷ তেখেতৰ লগত শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ হকে কাম কৰিছিল অসমৰ ইতিহাসবিদ, সাহিত্যিক তথা নগাঁৱৰে সন্তান ড০ [[সূৰ্যকুমাৰ ভূঞা]]ই৷ তেখেত আছিল শিক্ষানুষ্ঠানখনৰ পৰিচালনা সভাৰ সভাপতি৷ পোনতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হৈছিল [[কলিকতা বিশ্ববিদ্যালয়]]ৰ অধীনত৷ ১৯৪৮ চনত শিক্ষানুষ্ঠানখন [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ অন্তৰ্ভূক্ত হয়৷ <ref>{{Cite web|title=NOWGONG COLLEGE – Just another My Website site|url=https://www.nowgongcollege.edu.in/index.html|access-date=2020-05-15|website=www.nowgongcollege.edu.in}}</ref> সেইসময়ত বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষৰ আসনত আছিল সংস্কৃত পণ্ডিত আৰু সুসাহিত্যিক [[কৃষ্ণকান্ত সন্দিকৈ]]৷ দেশৰ বিভাজনৰ পাছত নগাঁও মহাবিদ্যালয়ৰ লগত বিশেষকৈ বিজ্ঞান শাখাত কিছুসংখ্যক সুশিক্ষিত প্ৰব্ৰজনকাৰী জড়িত হয়৷ <ref>{{Cite web|title=HISTORY – NOWGONG COLLEGE|url=https://www.nowgongcollege.edu.in/down-memory-lane.html|access-date=2021-07-07|website=www.nowgongcollege.edu.in}}</ref>
 
নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী ছাত্ৰ আছিল চাৰিঙৰ চিকন চন্দ্ৰ কাকতি৷ প্ৰথমটপ বৰ্ষত মহাবিদ্যালয়খনত মুঠ ১৪১ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল৷ ছাত্ৰীৰ সংখ্যা আছিল ১৮ গৰাকী৷ প্ৰথমটো বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৫০%৷ ১৯৪৬ চনৰ পৰা শিক্ষানুষ্ঠানখনত স্নাতক পৰ্যায়ৰ শ্ৰেণীসমূহ আৰম্ভ হয়৷ ১৯৫০ চনত বাণিজ্য আৰু তাৰ ঠিক ৯ বছৰৰ পিছত অৰ্থাৎ ১৯৫৯ চনত বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণী প্ৰৱৰ্তন হয়৷ <ref name="স্মৰণিকা">{{cite book | url=https://profilelogin.admissione.online/UploadFiles/Documents/ProfileLgoin/NColge_souvenir_Final%20Book_compressed.pdf | title=পয়সত্তৰ বছৰৰ বৰ্ণিল দস্তাবেজ | publisher=নগাঁও মহাবিদ্যালয় | author=বৰা, দীপক কুমাৰ; বৰঠাকুৰ, ড০ লক্ষ্যজ্যোতি | authorlink=সম্পাদকৰ মেজৰ পৰা | year=২০১৮-১৯ | location=নগাঁও | isbn=৯৭৮-৯৬-৮৫৩১০-৭০-৬}}</ref>
 
২০২০ চনৰ ২২ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ক [[বিশ্ববিদ্যালয় অনুদান আয়োগ|বিশ্ববিদ্যালয় অনুদান আয়োগে]] দহবছৰৰ বাবে স্বায়ত্বশাসন প্ৰদান কৰে৷ <ref name="Autonomous">{{cite news | url=https://www.time8.in/breaking-nowgong-college-gets-autonomous-status/ | title=Nowgong College Gets Autonomous Status | date=22 December, 2020 | agency=time8 | accessdate=14 July 2021}}</ref>