নগাঁও বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
==ইতিহাস==
কুৰি শতিকাৰ প্ৰথম চাৰিটা দশকত মধ্য অসমত এখনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিল৷ জননেতা মতিৰাম বৰাকে প্ৰমুখ্য কৰি কেইগৰাকীমান বিশেষ ব্যক্তিৰ উদ্যম আৰু উদ্যোগত ১৯৪৪ চনৰ ৭ আগষ্টৰ নগাঁও মহাবিদ্যালয়ে শৈক্ষিক যাত্ৰাৰ পাতনি মেলে৷ প্ৰতিষ্ঠাৰ সময়ত শিক্ষানুষ্ঠানখনত সাতগৰাকী শিক্ষক আৰু সাতগৰাকী শিক্ষাৰ্থী আছিল৷ ডেস্ক-বেঞ্চো আছিল সাতখন৷ ৰাজ্য চৰকাৰৰ পৰা এটকীয়া ৰূপৰ মুদ্ৰাৰ বিনিময়ত [[নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়|নগাঁও চৰকাৰী হাইস্কুল]]ৰ ছাত্ৰাৱাসসমূহ মহাবিদ্যালয়খনৰ কতৃত্বলৈ আহে৷
[[File:নগাঁও মহাবিদ্যালয়, Nowgong College.jpg|thumb|200px|<center>মহাবিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰ</center>]]
নগাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাত মতিৰাম বৰাৰ ভূমিকা উল্লেখযোগ্য৷ তেখেত আছিল মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য স্থপতি৷ সেইসময়ত তেখেতে নগাঁও স্থানীয় সভাৰ অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি আছিল৷ নগাঁও বিধানসভা সমষ্ঠিত জয়লাভ কৰাৰ পাছত তেখেতে অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে৷ মহাবিদ্যালয়খনৰ ভূমি-সংক্ৰান্তীয় কামকাজ, চৰকাৰী ডাক-বাংলা, শিক্ষানুষ্ঠানৰ বাবে প্ৰয়োজনীয় অৰ্থ, বৰদলৈ ভৱনৰ প্ৰতিষ্ঠাকে ধৰি একাধিক কৰ্মত মতিৰাম বৰাই আত্মনিয়োগ কৰে৷ নগাঁও জিলাৰ কেইগৰাকীমান মুষ্টিমেয় ব্যক্তিয়েও বিত্ত আৰু নীতিনিৰ্ধাৰণৰ কামত হাত উজান দিয়ে৷ তাৰে ভিতৰত সমাজকৰ্মী বৃন্দাবন গোস্বামী, পূৰ্ণ চন্দ্ৰ শৰ্মা, প্ৰতাপ চন্দ্ৰ শৰ্মা, যোগ সিং ছেত্ৰী, মহি চন্দ্ৰ বৰা, হলধৰ ভূঞা, প্ৰিয় ৰঞ্জন সেনগুপ্তা, বিমলা কান্ত বৰা, ডা০ ললিত বৰুৱা, প্ৰিয়নাথ সেন আদি প্ৰধান৷