ফিগমা (ছফ্টৱেৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি
Content deleted Content added
"Figma (software)" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
(কোনো পাৰ্থক্য নাই)

10:08, 16 July 2021ৰ সংস্কৰণ

ফিগমা হৈছে এক ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি। অথচ মেকঅ'এছ আৰু ৱিণ্ড'জৰ বাবে নিৰ্মিত ডেস্কটপ এপ্লিকেশ্যনত কিছুমান অতিৰিক্ত অফলাইন সুবিধা পোৱা যায়। এণ্ড্ৰইড আৰু আইঅ'এছ-ৰ বাবে নিৰ্মিত ফিগমা মিৰ'ৰ কম্পেনিয়ন এপৰ জৰিয়তে ম'বাইল ডিভাইচসমূহত বাস্তৱ-সময়ত ফিগমা প্ৰ'ট'টাইপসমূহ চাব পাৰি। বাস্তৱ-সময়ত সহযোগিতা কৰিব পৰা সুবিধা থকা এই এপ্লিকেশ্যনটো বিশেষভাৱে ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আৰু ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণৰ বাবে তৈয়াৰ কৰা হৈছে।[1]

ফিগমা
বিকাশক ফিগমা, ইনক'ৰ্পৰেশ্যন
প্ৰথম মুক্তি ২৭ ছেপ্টেম্বৰ ২০১৬; ৭ বছৰ আগত (2016-09-27)
অপাৰেটিং চিষ্টেম লিনাক্স, মেকঅ'এছ, ৱিণ্ড'জ, ক্ৰ'ম অ'এছ
প্লেটফৰ্ম ৱেব এপ্লিকেশ্যন
প্ৰকাৰ
অনুজ্ঞাপত্ৰ স্বত্বাধিকাৰী
ৱেবছাইট www.figma.com

ইতিহাস

ডাইলান ফীল্ড আৰু ইভান ৱালেছে ২০১২ চনত ফিগমাৰ ওপৰত কাম কৰা আৰম্ভ কৰে।[2] ব্ৰাউন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে ফিল্ড আৰু ৱালেছে ২০১১ চনত আন কেইবাটাও প্ৰকল্পৰ লগতে ৱেব-ভিত্তিক ৰূপাংকণ সঁজুলি প্ৰস্তুত কৰাৰ কথা চিন্তা-চৰ্চা কৰিছিল। ২০১২ চনত ৱালেছে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ফীল্ডে বিশ্ববিদ্যালয় এৰি থিয়েল ফেল'শ্বিপ গ্ৰহণ কৰে যিয়ে তেওঁক নিজৰ ষ্টাৰ্টআপৰ ওপৰত কাম কৰিবলৈ ৭৪.৬২ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ফিগমাৰ ওপৰত পূৰ্ণকালীনভাৱে কাম কৰিবলৈ দুয়ো ছেন ফ্ৰাঞ্চিস্ক'লৈ গুচি যায়।[3]

ফিগমাই ৩ ডিচেম্বৰ, ২০১৫ তাৰিখে কেৱল আমন্ত্ৰিত লোকলৈ বিনামূলীয়া পূৰ্বলোকন কাৰ্যসূচী আগবঢ়োৱা আৰম্ভ কৰে।[4] ২০১৬ চনৰ ২৭ ছেপ্টেম্বৰত ৰাজহুৱাকৈ ফিগমা মুকলি কৰা হয়।[5]

২২ অক্টোবৰ, ২০১৯ তাৰিখে ফিগমাই ফিগমা কমিউনিটী মুকলি কৰে য'ত ডিজাইনাৰসকলে নিজৰ কাম প্ৰকাশ কৰিব পাৰে আৰু আনে সেইবোৰ চাব আৰু ব্যৱহাৰ কৰিব পাৰে।[6]

প্ৰতিযোগী

তথ্য সংগ্ৰহ

 

  1. Gonzalez, Robbie (July 25, 2017). "Figma Wants Designers to Collaborate Google-Docs Style". WIRED. WIRED. Archived from the original on October 20, 2020. https://web.archive.org/web/20201020042828/https://www.wired.com/story/figma-updates/। আহৰণ কৰা হৈছে: June 1, 2020. 
  2. Crook, Jordan (February 15, 2019). "Figma gets $40 million Series C to put design tools in the cloud". TechCrunch. https://social.techcrunch.com/2019/02/14/figma-gets-40-million-series-c-to-put-design-tools-in-the-cloud/। আহৰণ কৰা হৈছে: November 15, 2020. 
  3. Cheng, Michelle (April 18, 2019). "Why Teams at Uber and Slack Use This Powerful Design Tool" (en ভাষাত). Inc.com. https://www.inc.com/michelle-cheng/figma-design-cloud-collaboration-google-docs-30-under-30-2019.html। আহৰণ কৰা হৈছে: November 15, 2020. 
  4. Constine, Josh. "23-Year-Old’s Design Collaboration Tool Figma Launches With $14M To Fight Adobe". TechCrunchTechCrunch. https://techcrunch.com/2015/12/03/figma-vs-goliath/। আহৰণ কৰা হৈছে: June 1, 2020. 
  5. "Figma Releases: Figma 1.0.0". Figma. https://releases.figma.com/2016/09/figma-100.html। আহৰণ কৰা হৈছে: June 1, 2020. 
  6. Lee, Dami. "Figma’s new community profiles let users view and remix design files". The VergeThe Verge. https://www.theverge.com/2019/10/22/20920929/figma-community-profiles-collaborative-design-beta। আহৰণ কৰা হৈছে: June 1, 2020. 

বাহ্যিক সংযোগ