ৰাৱণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
81 নং শাৰী:
 
==ব্ৰহ্মাৰ চাৰি মানসপুত্ৰৰ অভিশাপ==
ভাগৱত পুৰাণ অনুসৰি, [[ব্ৰহ্মা]]ৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ (ব্ৰহ্মাৰ মন বা চিন্তা শক্তিৰ পৰা জন্ম হোৱা পুত্ৰ) বিষ্ণুৰ দৰ্শনাৰ্থে বৈকুণ্ঠলৈ গৈছিল।

তপস্যা শক্তিৰ ফলত চাৰি কুমাৰক শিশু যেন দেখিছিল, যদিও তেওঁলোকৰ বয়স বহুত বেছি আছিল। বৈকুণ্ঠৰ দ্বাৰপাল [[জয়-বিজয়|জয় আৰু বিজয়া]]য়ে কুমাৰসকলক শিশু বুলি ভাবি প্ৰৱেশ কৰাত বাধা দি লগতে কয় যে, [[বিষ্ণু]] বিশ্ৰাম আছে সেয়ে এতিয়া বিষ্ণুৰ সৈতে দেখা হ’ব নোৱাৰে।<ref>{{Cite news|url=https://www.thehindu.com/features/friday-review/religion/vidweshabhakti/article5131936.ece|title=Vidwesha-bhakti|date=2013-09-16|work=The Hindu|access-date=2019-12-14|language=en-IN|issn=0971-751X}}</ref> উত্তৰত কুমাৰগণে খঙত জয় আৰু বিজয়ক কয় যে, বিষ্ণুৱে তেওঁৰ ভক্তসকলৰ বাবে সদায় উপলব্ধ। কুমাৰগণে জয় আৰু বিজয়ক অভিশাপ দিয়ে যে, তেওঁলোক দৈৱত্ব ত্যাগ কৰিব লাগিব আৰু সাধাৰণ মানুহৰ দৰে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰি জীয়াই থাকিব লাগিব। অৱশেষত বিষ্ণু তেওঁলোকৰ সন্মুখত উপস্থিত হয়। দ্বাৰপালে কুমাৰগণৰ অভিশাপ উঠাই ল'বলৈ বিষ্ণুক অনুৰোধ কৰে। বিষ্ণুৱে কয় যে, চাৰি কুমাৰৰ অভিশাপ ওলোতাব নোৱাৰি। তাৰ পৰিৱৰ্তে, তেওঁ জয়া আৰু বিজয়ক দুটা বিকল্প দিয়ে। প্ৰথম বিকল্পটো হ’ল বিষ্ণুৰ ভক্ত হিচাপে পৃথিৱীত সাতটা জন্ম লোৱা আৰু দ্বিতীয়টো তেওঁৰ শত্ৰু হিচাপে তিনিটা জন্ম লোৱা। ইয়াৰে যিকোনো এটা দণ্ডবিহাৰ পিছত, তেওঁলোকে পুনৰ বৈকুণ্ঠত মৰ্যাদা প্ৰাপ্ত কৰিব পাৰিব আৰু স্থায়ীভাৱে তেওঁৰ সৈতে থাকিব পাৰিব। জয় আৰু বিজয়ে বিষ্ণুৰ পৰা সাতটা জীৱন আঁতৰি থকাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁৰ শত্ৰু হিচাপে পৃথিৱীত তিনিটা জন্ম লোৱাৰ সিদ্ধান্ত লয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিটো জন্মতে বিষ্ণুক লগ পাব লাগিব আৰু তিনিটা জন্মতে বিষ্ণুৰ শত্ৰু হ'ব লাগিব।
 
সত্য যুগৰ সময়ত তেওঁলোকৰ প্ৰথম দিতি (দক্ষ প্ৰজাপতিৰ কন্যা) আৰু ঋষি [[কাশ্যপ]]ৰ ঘৰত [[হিৰণ্যাক্ষ]] আৰু [[হিৰণ্যকশিপু]] হিচাপে জন্ম গ্ৰহণ কৰিছিল, যাক বিষ্ণুৰ [[বৰাহ]] (গাহৰি অৱতাৰ) আৰু [[নৰসিংহ]] (পুৰুষ-সিংহ অৱতাৰ) অৱতাৰে দ্বাৰা হত্যা কৰিছিল। ত্ৰেতা যুগৰ সময়ত তেওঁলোকৰ দ্বিতীয় জীৱনত ৰাৱণ আৰু [[কুম্ভকৰ্ণ]] হিচাপে জন্মগ্ৰহণ কৰে আৰু ৰামৰ হাতত মৃত্যুবৰণ কৰে।
"https://as.wikipedia.org/wiki/ৰাৱণ"ৰ পৰা অনা হৈছে