সম্পাদনা সাৰংশ নাই
added Category:গ্ৰীক দেৱতা using HotCat |
No edit summary |
||
17 নং শাৰী:
}}
==পৌৰাণিক কাহিনী আৰু সাহিত্য==
===হেচিঅ’ড===
হেচিঅ'ডৰ থিঅ’গনিৰ মতে নাইক্সৰ জন্ম কেঅ’ছ বা মহাশূন্যৰ পৰা হৈছিল। <ref>Hesiod. ''Theogony'', ''[https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+124 123]''</ref> ইৰেবাছৰ (অন্ধকাৰ) সৈতে, লগ হৈ নাইক্সে ইথাৰ (উজ্জ্বলতা) আৰু হেমেৰাৰ (দিন) জন্ম দিয়ে। <ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+124 124– 125]; '' Gantz, p. 4.</ref> পিছত নিজে নাইক্সে ম'ৰছ (সৰ্বনাশ, গন্তব্য), কেৰেছ (ধ্বংস, মৃত্যু), থানাটোছ (মৃত্যু), হিপ্নোছ (টোপনি), ওনেইৰোই (সপোন), ম’মাছ (দোষ), অ’ইজিছ (বেদনা, দুখ), হেস্পেৰাইডছ, মৈৰাই (ভাগ্য), নেমেচিছ (ক্ৰোধ, প্ৰতিশোধ), এপেটে (প্ৰৱঞ্চনা), ফিলোটছ (বন্ধুত্ব), গেৰাছ (বৃদ্ধ বয়স), আৰু এৰিচৰ (বিবাদ) জন্ম দিয়ে। <ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+212 212– 225]; '' Gantz, pp. 4– 5</ref> শেষত নাইক্সে [[হেডিচ]]ৰ নাৱৰীয়া [[চাৰন]]ৰ জন্ম দিয়ে। <ref>Hesiod, Theogony from The Homeric Hymns and Homerica with an English Translation by Hugh G. Evelyn-White, Cambridge, MA.,Harvard University Press; London, William Heinemann Ltd. 1914.
</ref>
টাৰ্টাৰাছৰ বৰ্ণনাত হেচিঅ’ডে সেই ঠাই নাইক্স<ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+744 744– 745]''</ref> আৰু তেওঁৰ সন্তান হাইপ্নোছ আৰু থানাটোছৰ বাসস্থান বুলি উল্লেখ কৰিছে।<ref>Hesiod. ''Theogony, [https://www.perseus.tufts.edu/hopper/text?doc=Hes.+Th.+758 758– 759].''</ref>
===হোমাৰ===
[[ইলিয়াড]]ত টোপনিৰ দেৱতা হিপ্নোছে জ্যুচক নিদ্ৰামগ্ন কৰাৰ পিছত [[হীৰা (গ্ৰীক দেৱী)|হীৰা]]ক এক পুৰণি উপকাৰৰ কথা মনত পেলাই দিয়ে। তেওঁ পূৰ্বতে এবাৰ হীৰাৰ কথামতে জ্যুচক নিদ্ৰামগ্ন কৰিছিল যাৰ ফলত হীৰাই হেৰাক্লেছৰ (যি ট্ৰয়ৰ পৰা সাগৰীয় পথেৰে উভতি আহিছিল) দুৰ্ভাগ্যৰ সূচনা কৰিব পাৰিছিল। এই কথাত জ্যুচ ক্ৰোধান্বিত হয় আৰু হিপ্নোছ ভয়ত তেওঁৰ মাতৃ নাইক্সৰ কাষলৈ পলাই আছে। হোমাৰে বৰ্ণনা কৰিছে যে হিপ্নোছে তেওঁৰ শক্তিশালী মাতৃক আবেদন কৰি জ্যুচৰ ক্ৰোধৰ পৰা ৰক্ষা পৰে। এই ঘটনাৰ পিছত তেওঁ জিউচক কেৱল কেইবাৰমানহে বিচলিত কৰিছিল আৰু সদায় জ্যুচৰ পৰা ৰক্ষা পৰিবলৈ নাইক্সৰ ওচৰলৈ পলায়ন কৰিছিল।
|