দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
yesh
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
18 নং শাৰী:
[[হিন্দু]] দেৱী [[দুৰ্গা|দুৰ্গাৰ]] আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ '''দুৰ্গা পূজা''' বা '''দুৰ্গোৎসৱ'''। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] [[ত্ৰিপুৰা]] [[বিহাৰ]] [[ঝাৰখাণ্ড]] আৰু [[উৰিষ্যা]]ত [[দুৰ্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা পালন কৰে।
 
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই '''দুৰ্গোৎসৱ'''। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক [[মহালয়া]] বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। দূৰ্গা দেৱীক প্ৰতিদিনে বিভিন্ন নামেৰে জনা যায় যেনে মা শৈলপুত্ৰী,মা ব্ৰহ্মচাৰিণী,মা চন্দ্ৰঘণ্টা,মা কুষ্মান্ডা, মা স্কন্দমাতা, মা কাত্যায়িনী,মা কালৰাত্ৰি, মা মহাগৌৰী, মা সিদ্ধিদাত্ৰী, আৰু মাক সেই বাবে নৱ দূৰ্গা বুলিও জনা যায়,
 
==পৌৰাণিক উপাখ্যান==